লখিমপুৰৰ বঙালমৰা মছজিদ তিনিআলিত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক
লখিমপুৰৰ বঙালমৰা মছজিদ তিনিআলিত ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী।
লখিমপুৰৰ বঙালমৰা মছজিদ তিনিআলিত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক


লখিমপুৰ, ১২ জুন (হি.স.): লখিমপুৰৰ বঙালমৰা মছজিদ তিনিআলিত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক পেকেট ড্ৰাগছসহ গাঁৱৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ ৰোষত পৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন দুই ড্ৰাগছ সৰ্বৰাহকাৰী দুটা ক্ৰমে লখিমপুৰ চান্দমাৰীৰ হবিবুৰ ৰহমান আৰু হাইদৰ আলী বুলি পৰিচয় পোৱা গৈছে ।

ঘটনাৰ খবৰ পাই বঙালমৰা আৰক্ষী চকীৰ এটা দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনক নিজৰ জিম্মালৈ লয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এক পেকেট ড্ৰাগছৰ লগতে এএছ ০৭ এইচ ৯১৭১ নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰে । আটকাধীন সৰবৰাহকাৰী দুজনে ২নং আহমেদপুৰৰ নেকিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰৰ পৰা ৭০ হাজাৰ টকাত ড্ৰাগছ ক্ৰয় কৰা বুলি স্বীকাৰোক্তি দিছে ।

আনহাতে, দিনৰ ভাগতে বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছত্ৰ সিং পাতৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ২নং আহমেদপুৰস্থিত নেকিবুৰ ৰহমানৰ বাসগৃহত চলাইছিল অভিযান। এই অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষী যোৱাৰ পূৰ্বানুমান পাই আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হৈছিল ড্ৰাগছ বেপাৰী নেকিবুৰ ৰহমান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande