নেপালৰ পৰা ভাৰতলৈ সৰবৰাহ হৈ থকা ৯২২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ
কাঠমাণ্ডু, ১১ জুন (হি.স.)। নেপাল সশস্ত্ৰ আৰক্ষী বাহিনীয়ে (এ. পি. এফ.) আজি ৰাতিপুৱা দেশৰ পৰা ভাৰতলৈ পৰিবহণ কৰা ৯২২ কিলোগ্ৰাম গাঁজা উদ্ধাৰ কৰিছে। মোৰাং জিলাৰ সীমান্ত অঞ্চলৰ জাহাদাৰ পৰা এই উদ্ধাৰ কৰা হৈছিল। সশস্ত্ৰ আৰক্ষী বাহিনী, নেপাল সীমান্ত সুৰক্
नेपाल के सीमावर्ती क्षेत्र से बरामद गांजा


কাঠমাণ্ডু, ১১ জুন (হি.স.)। নেপাল সশস্ত্ৰ আৰক্ষী বাহিনীয়ে (এ. পি. এফ.) আজি ৰাতিপুৱা দেশৰ পৰা ভাৰতলৈ পৰিবহণ কৰা ৯২২ কিলোগ্ৰাম গাঁজা উদ্ধাৰ কৰিছে। মোৰাং জিলাৰ সীমান্ত অঞ্চলৰ জাহাদাৰ পৰা এই উদ্ধাৰ কৰা হৈছিল।

সশস্ত্ৰ আৰক্ষী বাহিনী, নেপাল সীমান্ত সুৰক্ষা বাহিনীৰ সোমবাৰী বি অ’ পি, নোচা, আৰু তাৰেগামা পোষ্টৰ যৌথ দলে এখন পিকআপ আৰু এখন মটৰ চাইকেল জব্দ কৰে। পিকআপখনত থকা ধানৰ খোলাৰ বস্তাৰ তলত ২৯টা পেকেটত লুকুৱাই ৰাখিছিল গাঞ্জাখিনি। এ পি এফৰ তথ্য অনুসৰি পিকআপ ট্ৰাকখনৰ আগত বি আৰ ৩৮ জেড ৭৪৫২ নম্বৰৰ এখন মটৰ চাইকেল গৈ আছিল। নিৰাপত্তাৰক্ষীক দেখাৰ লগে লগে দুয়োজন চালকে নিজৰ বাহন পৰিত্যাগ কৰি পলায়ন কৰে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande