
- ভাৰত আৰু নেপালৰ মাজত ইউপিআই ভিত্তিক সীমা অতিক্ৰম কৰি ধন হস্তান্তৰ সেৱা আৰম্ভ
নতুন দিল্লী, ১১ জুন ঃ ভাৰত আৰু নেপালে পেমেণ্ট আৰু ধন স্থানান্তৰৰ সুবিধাৰ লক্ষ্যৰে সীমা অতিক্ৰম কৰি পিয়াৰ টু পিয়ৰ (পি টু পি) ৰেমিটেন্স ব্যৱস্থা আৰম্ভ কৰিছে। এই সেৱা ডিজিটেল বিত্তীয় সংযোগ আৰু চুবুৰীয়া দেশ দুখনৰ মাজত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ভাৰত আৰু নেপালে ভ্ৰমণকাৰী আৰু ব্যৱসায়ীসকলৰ বাবে ধন পৰিশোধ আৰু ধন স্থানান্তৰৰ সুবিধাৰ বাবে ২০২৬ চনৰ ৬ জুনত আনুষ্ঠানিকভাৱে পি টু পি (দুটা সত্তাৰ মাজত) সীমা অতিক্ৰম কৰি ধন স্থানান্তৰ ব্যৱস্থা আৰম্ভ কৰিছে। মন্ত্ৰালয়ৰ মতে, এই কাৰিকৰী সংহতি ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় শাখা এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড (এনআইপিএল) আৰু নেপাল ক্লিয়াৰিং হাউছ লিমিটেড (এনচিএইচএল)ৰ সহযোগত সম্পন্ন কৰা হৈছে। এই ডিজিটেল পেমেণ্ট কৰিডৰে দুয়োখন দেশৰ মাজত লেনদেন ব্যৱস্থাক যথেষ্ট পৰিমাণে ৰূপান্তৰিত কৰিব আৰু তলত দিয়া সুবিধাসমূহ প্ৰদান কৰিব।
ইউপিআই-এনপিআই ৰেমিটেন্স সংযোগৰ মূল বৈশিষ্ট্যসমূহ: এই ডিজিটেল পেমেণ্ট কৰিডৰে দুয়োখন দেশৰ মাজত লেনদেন ব্যৱস্থাক যথেষ্ট পৰিমাণে ৰূপান্তৰিত কৰিব আৰু তলত দিয়া সুবিধাসমূহ প্ৰদান কৰিব।
ভ্ৰমণকাৰীৰ বাবে অধিক সুবিধা: মুদ্ৰা বিনিময়ৰ জটিলতা, বৃহৎ পৰিমাণৰ নগদ ধন কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা, আৰু অচিনাকি বৈদেশিক মুদ্ৰাৰ মাচুল দূৰ কৰা।
স্থানীয় ব্যৱসায়ীসকলৰ বাবে অৰ্থনৈতিক লাভঃ নেপালী ব্যৱসায়ীসকলে বৃহৎ সংখ্যক প্ৰযুক্তি সক্ষম ভাৰতীয় পৰ্যটক আৰু গ্ৰাহকৰ সৈতে প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰিব, যাৰ ফলত লেনদেনৰ পৰিমাণ বৃদ্ধি পাব।
কাৰ্য্যকৰী দক্ষতা: স্থানীয় ব্যৱসায়ীসকলৰ নগদ ধন ব্যৱস্থাপনা সহজ হ’ব, নগদ ধন পৰিচালনাৰ খৰচ হ্ৰাস পাব, আৰু সুৰক্ষিত আৰু বাস্তৱ সময়ৰ পেমেণ্ট নিষ্পত্তি হ’ব।
বাস্তৱ সময়ৰ প্ৰত্যক্ষ স্থানান্তৰ: সীমান্তৰ সিপাৰে নগদ ধন কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা বা পৰম্পৰাগত বেংকিং চেনেলৰ ওপৰত নিৰ্ভৰ কৰা।
বিত্ত মন্ত্ৰালয়ৰ মতে, ভাৰতৰ ইউপিআই আৰু নেপালৰ ৰাষ্ট্ৰীয় পেমেণ্ট আন্তঃপৃষ্ঠৰ প্ৰত্যক্ষ সংহতিৰ ফলত নিৰৱচ্ছিন্ন, সুৰক্ষিত, আৰু তৎক্ষণাত পি টু পি ধন স্থানান্তৰ সম্ভৱ হৈছে। এই পদক্ষেপে বিত্তীয় অন্তৰ্ভুক্তিক শক্তিশালী কৰে, ডিজিটেল আৰু অৰ্থনৈতিক সংহতিক প্ৰসাৰিত কৰে, আৰু দুয়োখন দেশৰ ভ্ৰমণকাৰী আৰু ব্যৱসায়ীসকলৰ বাবে সুবিধা বৃদ্ধি কৰে।
মন্ত্ৰালয়ে উল্লেখ কৰিছে যে শেহতীয়াকৈ কাৰ্যকৰী হোৱা এই ব্যৱস্থাই ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) আৰু নেপালৰ নেশ্যনেল পেমেণ্টছ ইন্টাৰফেচ (এনপিআই)ৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপন কৰে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ নাগৰিকে মোবাইল বেংকিং এপ্লিকেচন আৰু ডিজিটেল ৱালেটৰ জৰিয়তে পোনপটীয়াকৈ আৰু বাস্তৱ সময়ত ধন হস্তান্তৰ কৰিব পাৰিব।
বৰ্তমান ইউপিআই ৯খন দেশত গ্ৰহণ কৰা হৈছে: ছিংগাপুৰ, সংযুক্ত আৰব আমিৰশ্বাহী, ফ্ৰান্স, মৰিচাছ, নেপাল, ভূটান, কাটাৰ, শ্ৰীলংকা, আৰু কম্বোডিয়া। এই দেশসমূহলৈ অহা ভাৰতীয় যাত্ৰীসকলে তেওঁলোকৰ চিনাকি ইউপিআই প্লেটফৰ্মৰ জৰিয়তে সহজেই ডিজিটেল পেমেণ্ট কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া