
ডিব্ৰুগড়, ১১ জুন (হি.স.): ডিব্ৰুগড় চহৰত বৃদ্ধি পোৱা ড্ৰাগছৰ কৱলৰ পৰা সমাজক মুক্ত কৰিবলৈ ডিব্ৰুগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। ড্ৰাগছৰ বিৰুদ্ধে চলা এই নিৰন্তৰ যুঁজত পুনৰ সফলতা লাভ কৰিছে আৰক্ষীয়ে । যোৱা নিশা ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ বিভিন্ন স্থানত এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় চাৰিজনকৈ যুৱকক।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আটক হোৱা যুৱককেইজন ক্ৰমে—আকাশ সিং (২১ বছৰ ), ঋতুকল্প গগৈ (২৩ বছৰ), ওম বিশ্বাস (২১ বছৰ), গৌৰৱ শৰ্মা (১৯ বছৰ) এই যুৱক কেইজনৰ ঘৰ ডিব্ৰুগড় চহৰৰ ক্ৰমে পাথান পাতি (Pathan patty), গ্ৰাহাম বজাৰ (Graham Bazar), বিষ্ণু নগৰ (Bisnu nagar) আৰু চকিডিং লিলা গগৈ (Chokiding Lila Gogoi) পথতত ঘৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে বিগত কেইদিনমানৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই অহা পৰিলক্ষিত হৈছে। প্ৰতিটো দিনেই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহকাৰী। ডিব্ৰুগড় আৰক্ষীৰ এই তৎপৰতাক এতিয়া সচেতন মহলে আদৰণি জনাইছে । বৰ্তমান আটক হোৱা যুৱককেইজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ