
ৱাশ্বিংটন, ১০ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি ইৰাণে পাৰমাণৱিক চুক্তি সন্দৰ্ভত ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে আমেৰিকাই নিজৰ জটিল আন্তঃগাঁথনিক লক্ষ্য কৰি নতুন সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
টেলিভিছনৰ এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ইৰাণে এই চুক্তিৰ জৰিয়তে উত্তেজনা হ্ৰাস কৰাৰ সুযোগ পাইছিল যদিও ইৰানে সিদ্ধান্ত লোৱাত অত্যধিক পলম কৰিছিল। তেওঁ ইংগিত দিয়ে যে আলোচনা আগবাঢ়িব নোৱাৰিলে আমেৰিকাই অধিক পদক্ষেপ ল’বলৈ কুণ্ঠাবোধ নকৰে।
ট্ৰাম্পে কয় যে ইৰাণক চুক্তিত উপনীত হ’বলৈ পৰ্যাপ্ত সময় দিয়া হৈছিল যদিও এতিয়া পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে ইৰাণে নিজৰ সিদ্ধান্তৰ পৰিণতিৰ সন্মুখীন হ’ব পাৰে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে আঞ্চলিক নিৰাপত্তা আৰু ইয়াৰ কৌশলগত স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমেৰিকা প্ৰশাসন প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সাজু।
ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ইৰাণৰ ক্ষেত্ৰতো ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। তেওঁ অভিযোগ কৰে যে ইৰাণে আলোচনা প্ৰক্ৰিয়া অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া কৰি দিছে আৰু ইয়াৰ স্বাৰ্থত হ’ব পৰা চুক্তি চূড়ান্ত কৰাত পলম কৰিছে।
যি সময়ত পাৰমাণৱিক কাৰ্যসূচী, আঞ্চলিক নিৰাপত্তা, সামৰিক কাৰ্যকলাপৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে, সেই সময়ত ট্ৰাম্পৰ এই বক্তব্যক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া