ইৰাণে আমেৰিকাৰ সামৰিক হেলিকপ্টাৰ গুলিয়াই ভূপাতিত কৰাৰ দাবী ট্ৰাম্পৰ, প্ৰতিশোধৰ সতৰ্কবাণী
ৱাশ্বিংটন, ১০ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইৰাণে হৰমুজ জলদ্বীপৰ ওচৰত আমেৰিকাৰ সামৰিক হেলিকপ্টাৰ গুলীয়াই ভূপাতিত কৰিছে। তেওঁ উল্লেখ কৰে যে আমেৰিকাই এই কাণ্ডক গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ উপযুক্ত প্ৰত্য়ুত্তৰ দিব।

ট্ৰাম্পৰ মতে, দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন আছিল আমেৰিকান সেনাৰ এ এইচ-৬৪ আপাচি। অৱশ্যে দুয়োজন পাইলটকে নিৰাপদে উদ্ধাৰ কৰাৰ লগতে তেওঁলোকৰ অৱস্থা ভাল বুলি জানিব পৰা গৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই ঘটনাৰ বাবে ইৰাণক পোনপটীয়াকৈ জগৰীয়া কৰি কয় যে এই বিষয়ত আমেৰিকাই মৌনতা অৱলম্বন নকৰে।

ইফালে, আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ কেপ্তেইন টিম হকিন্সে কয় যে উদ্ধাৰ অভিযানত প্ৰথমবাৰৰ বাবে মানৱবিহীন ড্ৰ’ন নাও ব্যৱহাৰ কৰা হৈছে। তেওঁৰ মতে, হেলিকপ্টাৰখন সাগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত ড্ৰ’ন নাওখনে পাইলট দুজনক বিচাৰি উলিয়াই প্ৰায় দুঘণ্টা পানীত থকাৰ পিছত তেওঁলোকক নিৰাপদ স্থান নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কেপ্তেইন হকিন্সে কয় যে এই অভিযান আধুনিক সামৰিক উদ্ধাৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ। তেওঁ কয় যে কঠিন পৰিস্থিতিৰ মাজতো ড্ৰ’ন নাওখনে পাইলটসকলৰ ওচৰলৈ ক্ষীপ্ৰতাৰে উপস্থিত হৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰিলে।

অৱশ্যে আমেৰিকাৰ এই দাবীৰ সন্দৰ্ভত ইৰাণৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা নাই।

-----------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ

 rajesh pande