দক্ষিণ আফ্ৰিকাৰ ক্লিভলেণ্ডত ১২ জন লোকক গুলীয়াই হত্যা, আন ৯ জন আহত
জোহান্সবাৰ্গ, ১০ জুন (হি.স.)। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ সমীপৰ ক্লিভলেণ্ডত অচিনাক্ত আক্ৰমণকাৰীয়ে কমেও ১২ জন লোকক গুলীয়াই হত্যা কৰে। দক্ষিণ আফ্ৰিকাৰ আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে গভীৰ নিশা ক্লিভলেণ্ডৰ এক অকৰ্তৃত্বশীল বসতিস্থলত সংঘটিত হয় এই আক্ৰ
c12e01f2a13ff5587e1e9e4aedb8242d_1963386186.jpg


জোহান্সবাৰ্গ, ১০ জুন (হি.স.)। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ সমীপৰ ক্লিভলেণ্ডত অচিনাক্ত আক্ৰমণকাৰীয়ে কমেও ১২ জন লোকক গুলীয়াই হত্যা কৰে। দক্ষিণ আফ্ৰিকাৰ আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে গভীৰ নিশা ক্লিভলেণ্ডৰ এক অকৰ্তৃত্বশীল বসতিস্থলত সংঘটিত হয় এই আক্ৰমণ। এই আক্ৰমণত আন ৯ জন আহত হয়। সন্দেহজনক লোকক বিচাৰিছে।

দক্ষিণ আফ্ৰিকাৰ নিউজ চেনেল টাইমছ লাইভৰ বাতৰি অনুসৰি ক্লিভলেণ্ডৰ পেট্ৰ’ল পাম্পৰ ওচৰত এখন বগা ৰঙৰ টয়োটা কোৱাণ্টাম বাহনৰ পৰা ১০ জনতকৈ অধিক বন্দুকধাৰীয়ে নামিছে। বসতিস্থলত প্ৰৱেশ কৰাৰ লগে লগে বন্দুকধাৰীয়ে কেইবাটাও স্থানত বাসিন্দাসকলৰ ওপৰত গুলীচালনা কৰে আৰু তাৰ পিছত একেখন বাহনতে পলায়ন কৰে।

স্থানীয় আৰক্ষী বিভাগে জনোৱা মতে, মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১১:১০ বজাত গুলীচালনাৰ বাতৰি পোৱাৰ পিছত বিষয়াসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আহতসকলৰ চিকিৎসাৰ বাবে জৰুৰী চিকিৎসা সেৱা আগবঢ়োৱা হয়। আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীত আঠজন পুৰুষ আৰু তিনিগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। আন কমেও ৯ জন আহত লোকক বিভিন্ন চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande