
ইছলামাবাদ, ১০ জুন (হি.স.)। পাকিস্তান দখল কৰা কাশ্মীৰ (পিঅ’কে)ৰ মুজাফ্ফৰাবাদ অঞ্চলত বুধবাৰে পাকিস্তানী সেনাৰ এম আই-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত ইয়াত থকা সকলো সামৰিক জোৱান নিহত হয়।
পাকিস্তানী সেনাৰ সংবাদ শাখা আন্তঃসেৱা জনসংযোগই এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে তৎক্ষণাত সাহায্য আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত বিতং তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিয়মীয়া সামৰিক অভিযানৰ অংশ হিচাপে হেলিকপ্টাৰখন উৰণৰ সময়তে কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। দুৰ্ঘটনাৰ পিছতে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰা হৈছে। হেলিকপ্টাৰখনত মুঠ ২১জন লোক আছিল।
পাকিস্তানৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী আৰু সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে সকলো সামৰিক বিষয়া আৰু জোৱানৰ সৈতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জোৱানসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। আই এছ পি আৰৰ তথ্য অনুসৰি সেনাই মৃতকৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে এই দুখৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিছে।
বিগত কেইটামান বছৰত পাকিস্তান সেনাৰ হেলিকপ্টাৰ জড়িত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গিলগিট-বাল্টিস্তানৰ ডায়েমাৰ জিলাত কাৰিকৰী বিজুতিৰ বাবে এখন মি-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পাঁচজন ক্ৰুৰ মৃত্যু হয়।
তদুপৰি ২০২৫ চনৰ আগষ্ট মাহত বানাক্ৰান্ত অঞ্চললৈ সাহায্য সামগ্ৰী যোগান ধৰাৰ সময়তে এখন খাইবাৰ পখতুনখোৱা চৰকাৰী হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। সেই দুৰ্ঘটনাত জাহাজত থকা পাঁচোজন জোৱানৰ মৃত্যু হয়। ২০২২ চনত বেলুচিস্তানৰ লাছবেলা জিলাত পাকিস্তান সেনাৰ আন এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ছয়জন সামৰিক বিষয়া আৰু জোৱানৰ মৃত্যু হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া