
মস্কো, ১০ জুন (হি.স.)। পোলেণ্ডে অতি সোনকালে নিজৰ মাটিত আমেৰিকাৰ স্থায়ী সামৰিক ঘাটিৰ সিদ্ধান্ত ল’ব বুলি ঘোষণা কৰিছে। বুধবাৰে ৰেচপ’ছপলিটা কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পোলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱলাডিছলাভ ক’চিনিয়াক-কামিছে কয় যে অদূৰ ভৱিষ্যতে পোলেণ্ডত আমেৰিকাৰ স্থায়ী সামৰিক ঘাটিৰ সিদ্ধান্ত লোৱা হ’ব। তেওঁ কয় যে পেন্টাগনৰ সৈতে স্থায়ী উপস্থিতিৰ সন্দৰ্ভত আলোচনা চলি আছে । আমেৰিকাত বৰ্তমান পৰিকল্পনা প্ৰক্ৰিয়া চলি আছে।
এই প্ৰক্ৰিয়াত এবছৰ বা তাতকৈ কম সময় লাগিব নেকি বুলি সোধাত মন্ত্ৰীগৰাকীয়ে কয় যে অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব। কিছু সপ্তাহৰ ভিতৰত পৰিকল্পনা প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলিও তেওঁ আণ্ডাৰলাইন কৰে।
কোচিনিয়াক-কামিছে কয় যে আমাৰ সন্মুখত নিবিড় কামৰ সময় আছে, প্ৰস্তুতিৰ ঘোষণা, আৰু পোলেণ্ডৰ ফালৰ পৰা প্ৰস্তুতিৰ সময় আছে। মন কৰিবলগীয়া যে বৰ্তমান পোলেণ্ডত প্ৰায় ১০ হাজাৰ আমেৰিকান সৈন্য ক্ৰমগত পদ্ধতিৰে নিয়োজিত হৈ আছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ