
ৱাশ্বিংটন/কুৱেইট চিটি, ০১ জুন (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে আমেৰিকাৰ সেনাই দাবী কৰে যে কুৱেইটত নিয়োজিত নিজৰ সৈন্যক লক্ষ্য কৰি ইৰাণৰ দুটা বেলিষ্টিক মিছাইল আকাশৰ মাজত সফলতাৰে ধ্বংস কৰা হৈছে। আমেৰিকাৰ বিষয়াসকলৰ মতে, এই ঘটনাত কোনো সৈন্য বা সামৰিক প্ৰতিষ্ঠানৰ ক্ষতি হোৱা নাই।
আমেৰিকা সেনাৰ চেণ্ট্ৰেল কমাণ্ডে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত কয় যে দেওবাৰে গভীৰ নিশা কুৱেইটত থকা আমেৰিকান বাহিনীৰ দিশে গৈ থকা দুয়োটা ক্ষেপণাস্ত্ৰ তৎক্ষণাত আটক কৰা হয়। সেনাই ইয়াক নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে এক বৃহৎ সফলতা বুলি অভিহিত কৰি কয় যে এই অঞ্চলত নিয়োজিত আমেৰিকাৰ সৈন্য সম্পূৰ্ণ নিৰাপদ।
চেণ্টকমে নিজৰ বিবৃতিত কয় যে ইৰাণৰ যিকোনো আক্ৰমণাত্মক কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ আমেৰিকান বাহিনী সম্পূৰ্ণৰূপে সজাগ আৰু আঞ্চলিক যুদ্ধবিৰতি বজাই ৰখাৰ প্ৰচেষ্টাক সমৰ্থন কৰি যাব।
আনহাতে ইৰাণে নিজৰ কাৰ্যক ৰক্ষা কৰিলে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে কয় যে ইৰাণে অঞ্চলটোত থকা বিদেশী সামৰিক ঘাটিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে। তেওঁ দাবী কৰে যে শেহতীয়াকৈ আমেৰিকাৰ সামৰিক অভিযানৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া