
অভিনেতা আলী ফজলৰ বহু প্ৰত্যাশিত ৱেব ছিৰিজ ৰাখৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। প্ৰজিট ৰয়ৰ পৰিচালক এই ৰহস্যময় ক্ৰাইম থ্ৰিলাৰ ধাৰাবাহিকখনৰ ৰচনা কৰিছে অনুষা নন্দকুমাৰ আৰু সন্দীপ সাকেথে। সোণালী বেন্দ্ৰে, ৰাকেশ বেদী, আৰু আমিৰ বছিৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ট্ৰেইলাৰৰ মুক্তিয়ে দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।
ট্ৰেইলাৰৰ আৰম্ভণিতে আলী ফজলে দিল্লী আৰক্ষীৰ এজন বিষয়া এছ আই জয়প্ৰকাশৰ চৰিত্ৰত অভিনয় কৰি নিৰুদ্দেশ হোৱা দুটা শিশুৰ গোচৰৰ তদন্ত কৰিছে। তদন্তৰ সময়ত তেওঁ শিশুসকলৰ পৰিয়ালক জেৰা কৰে আৰু নিজকে প্ৰমাণ কৰাৰ হেঁচাত যুঁজি থাকে। কাহিনীটো আগবাঢ়ি যোৱাৰ লগে লগে গোচৰটো এটা সাধাৰণ নিৰুদ্দেশৰ পৰা অপহৰণ, ৰহস্য আৰু কেইবাটাও আচৰিত গোপনীয়তালৈ বিকশিত হৈ ট্ৰেইলাৰৰ ছাচপেন্স আৰু অধিক বৃদ্ধি কৰে।
খবৰ অনুসৰি ৰাখৰ কাহিনীটো ১৯৭৮ চনৰ কুখ্যাত গীতা আৰু সঞ্জয় চোপ্ৰাৰ অপহৰণ আৰু হত্যা কাণ্ডৰ পৰা অনুপ্ৰাণিত বুলি কোৱা হৈছে।কিন্তু প্ৰযোজকসকলে কোনো আনুষ্ঠানিক নিশ্চয়তা দিয়া নাই। অপৰাধ, ছাচপেন্স, আৰু আৱেগিক সংঘাতৰে ভৰা এই ধাৰাবাহিকখন ১২ জুনত অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত প্ৰচাৰ হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া