
বেইৰুট (লেবানন), ০১ জুন (হি.স.)। লেবাননত ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ আৰু ইজৰাইল সেনাৰ মাজত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। ইজৰাইলে দেওবাৰে গোটেই দিনটো হিজবুল্লাহৰ গুৰুত্বপূৰ্ণ দুৰ্গসমূহত ধাৰাবাহিকভাৱে আক্ৰমণ চলায়। প্ৰতিশোধ ল’বলৈ হিজবুল্লাই নিশাৰ সময় বাছি লৈছিল। মাজনিশাৰ পিছত ইংৰাজী কেলেণ্ডাৰ অনুসৰি ১ জুন তাৰিখে পুৱা প্ৰায় ১ বজাত হিজবুল্লাই ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আই ডি এফ)ৰ ওপৰত ৰকেট আৰু আৰ্টিলাৰী গোলা নিক্ষেপ কৰে। ইফালে এসময়ত হিজবুল্লাহৰ বাবে অপৰাজেয় বুলি গণ্য কৰা বিউফ’ৰ্টক দখল কৰি আইডিএফে এক উল্লেখযোগ্য প্ৰত্যাহ্বান জনাইছে।
আল জাজিৰাৰ তথ্য অনুসৰি দেওবাৰে আইডিএফে দক্ষিণ লেবাননত ৩৬টাতকৈও অধিক আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন আহত হয়। টাইৰ জিলাৰ আল আব্বাছিয়েহ চহৰত সংঘটিত আক্ৰমণত চাৰিজন লোক নিহত হয়। ডেইৰ আল জাহৰানীৰ হাই আল আৰব অঞ্চলত সংঘটিত আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ লগতে ১৯ জন আহত হয় আৰু কেইবাটাও আৱাসিক ঘৰ ধ্বংস হয়। জাদীদাত আনছাৰ চুবুৰীত সংঘটিত আক্ৰমণত দুই শিশুসহ তিনিজন লোক আহত হয়। ওদাইছেহত এখন মটৰ চাইকেল লক্ষ্য কৰি আক্ৰমণত আহত তিনিজন লোক। টায়াৰৰ হিৰাম হাস্পতালৰ সমীপত সংঘটিত আক্ৰমণত তেৰজন চিকিৎসা আৰু নাৰ্চিং কৰ্মচাৰী আহত হয়।
বাতৰি অনুসৰি ইজৰাইলৰ সৈন্যই লেবাননৰ এটা কৌশলগত পৰ্বত দখল কৰিছে। ইয়াৰ শিখৰত থকা ক্ৰুছেডাৰ দুৰ্গ বিউফৰ্ট ইউনেস্ক’ৰ সংৰক্ষিত ঐতিহ্য ক্ষেত্ৰ। ইজৰাইলে ২০০০ চনত প্ৰত্যাহাৰ কৰাৰ পূৰ্বে ১৮ বছৰ ধৰি ইয়াক দখল কৰিছিল।
দক্ষিণ লেবাননত ইজৰাইলী বাহিনীক আক্ৰমণ কৰাৰ দাবী হিজবুল্লাই। সন্ত্ৰাসবাদী সংগঠনটোৱে জনোৱা মতে, সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ১ বজাত (দেওবাৰে ২২:০০ জিএমটি) দক্ষিণ লেবাননৰ য়োহমৰ আল-ছাকিফৰ পূব প্ৰান্তত থকা ইজৰাইলী বাহিনীৰ ওপৰত তেওঁলোকৰ যোদ্ধাসকলে বৃহৎ সংখ্যক ৰকেট আৰু আৰ্টিলাৰী গোলা নিক্ষেপ কৰে। ইজৰাইলৰ যুদ্ধবিৰতি উলংঘা আৰু গাঁৱে-ভূঞে আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত কৰা বুলি জানিবলৈ দিয়ে গোটটোৱে। ইফালে ইজৰাইলৰ বাহিনীয়ে লিটানি নদীৰ সিপাৰে আগবাঢ়িছে বুলি জানিব পৰা গৈছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে লেবাননলৈ আৰু অধিক আগবাঢ়ি যাবলৈ নিৰ্দেশ দিছে । এই ঘটনাক লৈ ফ্ৰান্সে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকৰ বাবে অনুৰোধ জনাইছে। খবৰ অনুসৰি ইজৰাইলী বাহিনীয়ে দক্ষিণ ছিৰিয়াৰ কুনেইট্ৰা আৰু ডেৰা প্ৰদেশৰ কিছু অংশত প্ৰৱেশ কৰি অস্থায়ী চেকপইণ্ট স্থাপন কৰি সাধাৰণ নাগৰিক আৰু বাহন তালাচী চলাই তাৰ পিছত আঁতৰি যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া