বাংলাদেশৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বৌদ্ধ নেতা দিপেন দেৱানৰ পদত্যাগ
ঢাকা, ০১ জুন (হি.স.)। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সদস্য, চিটাগং হিল ট্ৰেক্টছ এফেয়াৰ্ছৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৌদ্ধ নেতা দিপেন দেৱানে স্বাস্থ্যজনিত কাৰণত পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগ গ্ৰহণ কৰা হৈছে। প্ৰধা
f125bdb2c9a888f47b2174e781f3d034_2082954632.jpg


ঢাকা, ০১ জুন (হি.স.)। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সদস্য, চিটাগং হিল ট্ৰেক্টছ এফেয়াৰ্ছৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৌদ্ধ নেতা দিপেন দেৱানে স্বাস্থ্যজনিত কাৰণত পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগ গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত প্ৰেছ সচিব আতিকুৰ ৰহমান ৰুমনে এই ঘোষণা কৰে। ৰুমনে উল্লেখ কৰে যে দেৱানে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক পদত্যাগ পত্ৰ দাখিল কৰে। ঢাকা ট্ৰিবিউনৰ মতে, তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে চৰকাৰী কৰ্তব্যসমূহ সঠিকভাৱে পালন কৰিব নোৱাৰা বুলি উল্লেখ কৰে। আতিকুৰ ৰহমান ৰুমনে কয় যে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ মানি লৈছে।

দীপেন দেৱান বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ ৰঙামাটি জিলা ইউনিটৰ প্ৰাক্তন সভাপতি। দক্ষিণ-পূব বাংলাদেশৰ ৰঙামাটি সংসদীয় সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰে। দীপেন দেৱান বৌদ্ধ সংখ্যাগৰিষ্ঠ চাকমা জনগোষ্ঠীয় সংখ্যালঘু সম্প্ৰদায়ৰ অন্তৰ্গত। ২০২৪ চনৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত গঠিত চৰকাৰত সংখ্যালঘুসকলক প্ৰতিনিধিত্ব দিবলৈ দিপেন দেৱান (বৌদ্ধ নেতা) আৰু নিতাই ৰায় চৌধুৰী (হিন্দু নেতা)ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande