পেট্ৰল ৮৭ পইচা আৰু ডিজেল ৯১ পইচা ব্যয়বহুল, নতুন হাৰ কাৰ্যকৰী
নতুন দিল্লী, ২৩ মে’ (হি.স.)। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে শনিবাৰে পুনৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও দিল্লী-এনচিআৰত প্ৰতি কেজি
पेट्रोल-डीजल के लोगो  का प्रतीकात्मक चित्र


নতুন দিল্লী, ২৩ মে’ (হি.স.)। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে শনিবাৰে পুনৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও দিল্লী-এনচিআৰত প্ৰতি কেজিত চিএনজিৰ মূল্য এক টকা বৃদ্ধি পাইছে। আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন হাৰ।

ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি নতুন দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৭ পইচা বৃদ্ধি পাই ৯৯.৫১ টকা। ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি পাই ৯২.৪৯ টকা হৈছেগৈ।

তেল বিপণন কোম্পানীসমূহে যোৱা ৯ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ১৫ মে’ৰ পিছত এয়া তৃতীয়টো বৃদ্ধি। পশ্চিম এছিয়াত চলি থকা সংকটৰ বাবে শক্তিৰ মূল্য বৃদ্ধিৰ বোজা ক্ৰমান্বয়ে গ্ৰাহকৰ ওপৰত চৰকাৰী তেল কোম্পানীসমূহে অৰ্পণ কৰিছে। ১৫ মে’ত প্ৰতি লিটাৰত মূল্য ৩ ₹ বৃদ্ধি কৰা হয়। ইয়াৰ পিছত ১৯ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০ পইচা বৃদ্ধি পায়। সামগ্ৰিকভাৱে প্ৰতি লিটাৰত ইন্ধনৰ মূল্য প্ৰায় ₹৫ বৃদ্ধি পাইছে।

তদুপৰি দিল্লী-এনচিআৰত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ১ ₹ বৃদ্ধি পাইছে। এই পৰিৱৰ্তনৰ পিছত এতিয়া দিল্লীত প্ৰতি কিলোগ্ৰাম চিএনজি উপলব্ধ হ’ব ₹৮১.০৯ টকাত। বিগত ১০ দিনত এয়া তৃতীয়বাৰৰ বাবে চিএনজিৰ মূল্য বৃদ্ধি। ইয়াৰ পূৰ্বে চৰকাৰে ১৫ মে’ত চিএনজিৰ মূল্য ২ ₹ আৰু তাৰ পিছত ১৮ মে’ত ১ ₹ বৃদ্ধি কৰিছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande