
কাঠমাণ্ডু, ০৭ এপ্ৰিল (হি.স.)। নেপাল চৰকাৰে ৰাজহুৱা পৰিবহণৰ ভাড়া ১৭ শতাংশৰ পৰা ২২ শতাংশলৈ বৃদ্ধি কৰিছে। একেদৰে, বিভাগে মালবাহী ভাড়াও বৃদ্ধি কৰিছে। বুধবাৰৰ পৰা নতুন হাৰসমূহ কাৰ্যকৰী হৈছে।
পেট্ৰলিয়ামৰ মূল্য তীব্ৰ বৃদ্ধিৰ পিছত ৰাজহুৱা পৰিবহণৰ ভাড়া ১৬.৭১ শতাংশ বৃদ্ধি পাইছে। তৰাই অঞ্চলত ১৫.৭৫ শতাংশ আৰু পাহাৰীয়া অঞ্চলত ২১.৬৮ শতাংশ পৰিবহণ ভাড়া বৃদ্ধি কৰা হৈছে। ভৌতিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰী সুনীল লামছালে মঙলবাৰে ভাড়া সালসলনিত অনুমোদন জনোৱাৰ পিছতে বুধবাৰে বিভাগটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।
নেশ্যনেল ফেডাৰেশ্যন অৱ ট্ৰেন্সপ’ৰ্ট বিজনেছমেনৰ জ্যেষ্ঠ উপ-সভাপতি সৰোজ সীতাউলাৰ মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰলিয়ামৰ মূল্য বৃদ্ধি আৰু অন্যান্য কাৰিকৰী কাৰণত ভাড়া বৃদ্ধিৰ সৃষ্টি হৈছে। তেওঁ কয় যে পৰিবহণ ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি ভাড়া সালসলনিৰ দাবী জনাই আহিছিল। নতুন ভাড়াৰ হাৰ কাৰ্যকৰী হোৱাৰ লগে লগে সাধাৰণ জনতাৰ বাবে দৈনিক যাতায়তৰ খৰচ আৰু উপভোগ্য সামগ্ৰীৰ মূল্যতো প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।
বৈজ্ঞানিক ভাড়া সালসলনি পদ্ধতি অনুসৰি বাহনৰ ভাড়াৰ ৩৫ শতাংশ পেট্ৰলিয়াম সামগ্ৰীৰ দ্বাৰা আৰু ৬৫ শতাংশ বীমা, বাহনৰ বীমা, বেংকৰ সুত, অতিৰিক্ত অংশ, টায়াৰ, লুব্ৰিকেণ্টকে ধৰি ১৩টা বস্তুৰ মূল্য বৃদ্ধিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰিও ইন্ধনৰ মূল্য ৫ শতাংশ বৃদ্ধি বা হ্ৰাস হ’লে ভাড়াৰ হাৰ স্বয়ংক্ৰিয়ভাৱে সালসলনি হ’ব বুলিও উল্লেখ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া