
কাঠমাণ্ডু, ০৮ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে আজি বুধবাৰে কাঠমাণ্ডুত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু কূটনৈতিক মিছনৰ মুৰব্বীৰ সৈতে এক গোট বৈঠক আৰু আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী শ্বাহে সুশাসন, অৰ্থনৈতিক উন্নয়ন, নেপালৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ দৃঢ় দায়বদ্ধতা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ কাৰ্যালয় সিংহা দৰবাৰত অনুষ্ঠিত হোৱা বৈঠকত ভাৰত, পাকিস্তান, কোৰিয়া গণৰাজ্য, যুক্তৰাজ্য, কাটাৰ, চুইজাৰলেণ্ড, ফ্ৰান্স, ইজৰাইল, জাপান, বাংলাদেশ, জাৰ্মানী, ইজিপ্ত, শ্ৰীলংকা, চৌদি আৰব, চীন, আমেৰিকা, ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত আৰু মিছনৰ মুৰব্বীসকল উপস্থিত থাকে। ৰাষ্ট্ৰদূত আৰু মিছন মুৰব্বীসকলে প্ৰধানমন্ত্ৰী শ্বাহক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ সফল কাৰ্যকালৰ কামনা কৰে। নেপালী জনসাধাৰণৰ স্বাৰ্থত ফলাফল প্ৰদান কৰা চৰকাৰী কাৰ্য্যত সহযোগিতা আৰু সমৰ্থনৰ আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰী শ্বাহে নেপালৰ সুষম আৰু ব্যৱহাৰিক বৈদেশিক নীতি পুনৰবাৰ উল্লেখ কৰি চুবুৰীয়া ৰাষ্ট্ৰ, বন্ধুত্বপূৰ্ণ দেশ, আৰু উন্নয়ন অংশীদাৰৰ সৈতে বিশ্বাস, পাৰস্পৰিক সন্মান, আৰু ভাগ-বতৰা সমৃদ্ধিৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শান্তি সকলোৰে বাবে এক উমৈহতীয়া অগ্ৰাধিকাৰ হ’ব লাগে, আৰু বিদেশত থকা নেপালী শ্ৰমিক আৰু প্ৰবাসী নেপালী সম্প্ৰদায়ৰ সুৰক্ষা আৰু মংগল চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ।
এই উপলক্ষে বৈদেশিক মন্ত্ৰী শিশিৰ খানাল, প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা অসীম শ্বাহ, মুখ্য সচিব সুমনৰাজ আৰিয়াল, বৈদেশিক সচিব অমৃত ৰায়,কে ধৰি অন্যান্য চৰকাৰী বিষয়াসকলো উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ