
কাঠমাণ্ডু, ০৭ এপ্ৰিল (হি.স.)। অবৈধ সম্পদ সংগ্ৰহৰ গোচৰত নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী তথা প্ৰাক্তন মন্ত্ৰী ডাঃ আৰ্জু ৰাণা দেউবাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী ৱাৰেণ্ট জাৰি কৰা হৈছে।
নেপালত সংসদীয় নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বে দুয়ো ছিংগাপুৰলৈ গৈছিল। নেপালৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ঘূৰি অহা নাই। দেউবা দম্পতীহাল বৰ্তমান হংকঙত বাস কৰি আছে বুলি অনুমান কৰা হৈছে। চিকিৎসাৰ বাবে ছিংগাপুৰলৈ যোৱা শ্বেৰ বাহাদুৰ দেউবা আৰু আৰ্জু দেউবাৰ এটা ভিডিঅ’ যোৱা সপ্তাহত হংকঙত ৰাতিপুৱা খোজ কাঢ়ি যোৱাৰ সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।
ইফালে, তদন্তৰ সময়ত সম্পত্তি শুদ্ধকৰণ অনুসন্ধান বিভাগে কাঠমাণ্ডু জিলা আদালতৰ পৰা তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ ৱাৰেণ্ট লাভ কৰিছে, কাঠমাণ্ডু জিলা আদালতৰ তথ্য বিষয়া দীপক শ্ৰেষ্ঠাই জনায় ।
নেপাল আৰক্ষীৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থাই ইণ্টাৰপোলৰ সৈতে সমন্বয় কৰি তেওঁৰ অৱস্থান বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছিল। নেপাল আৰক্ষীৰ মুখপাত্ৰ এছ. পি. পৱন ভট্টৰাইয়ে কয় যে ইণ্টাৰপোলৰ পৰা শীঘ্ৰেই ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ প্ৰয়াস কৰা হৈছে। নেপালৰ ছিংগাপুৰৰ সৈতে প্ৰত্যাবৰ্তন চুক্তি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া