খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস, ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯১.৮৮ ডলাৰ
নতুন দিল্লী, ০৮ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। ব্ৰেণ্ট খাৰুৱা তেলৰ প্ৰতি বেৰেলত প্ৰায় ৯১.৮৮ ডলাৰ হ্ৰাস পোৱাৰ বিপৰীতে ডব্লিউ টি
कच्चे तेल के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০৮ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। ব্ৰেণ্ট খাৰুৱা তেলৰ প্ৰতি বেৰেলত প্ৰায় ৯১.৮৮ ডলাৰ হ্ৰাস পোৱাৰ বিপৰীতে ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰায় ৯১.০৫ ডলাৰ হয়গৈ।

মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস পায়। ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰায় ১৬ শতাংশ বা ১৭.৩৯ ডলাৰ হ্ৰাস পাই প্ৰতি বেৰেলত ৯১.৮৮ ডলাৰ হয়, আনহাতে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰায় ২০ শতাংশ বা ২১.৯০ ডলাৰ হ্ৰাস পাই ৯১.০৫ ডলাৰ হয়। কিন্তু পশ্চিম এছিয়াৰ সংকট আৰম্ভ হোৱাৰ আগৰ তুলনাত এতিয়াও এই দাম বেছি। বিশ্লেষকসকলে কয় যে এই হ্ৰাসৰ সময়সীমা নিৰ্ভৰ কৰিব যুদ্ধবিৰতি কিমান দৃঢ়ভাৱে কাৰ্যকৰী কৰা হয় তাৰ ওপৰত। হৰমুজ জলদ্বীপৰ মাজেৰে শক্তিৰ যোগান স্বাভাৱিক হ’ব নে নহয়।

সঁচাকৈয়ে ইৰাণৰ ওপৰত সম্ভাৱ্য আক্ৰমণ দুসপ্তাহৰ বাবে পিছুৱাই দিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সিদ্ধান্তই বিশ্বৰ বজাৰসমূহক সকাহ দিছে। ইয়াৰ ভিতৰত হৰমুজ জলদ্বীপক নৌ পৰিবহণৰ বাবে পুনৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতিও অন্তৰ্ভুক্ত কৰা হৈছে। এই ঘোষণাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগতে শ্বেয়াৰ বজাৰত তীব্ৰ উত্থান ঘটে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande