
মুম্বাই, ০৮ এপ্ৰিল (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰ ৬.৯% বুলি প্ৰকল্প কৰিছে, যিটো পূৰ্বৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৭.৬% বুলি অনুমান কৰাতকৈ হ্ৰাস পাইছে।
বুধবাৰে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমখন দ্বিমাহেকীয়া মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠকৰ অন্তত কয় যে ৰিজাৰ্ভ বেংকে ভাৰতৰ প্ৰকৃত জিডিপি বৃদ্ধিৰ হাৰ ৬.৯% হোৱাৰ অনুমান কৰিছে। বিশ্বৰ ভূ-ৰাজনৈতিক উত্তেজনা আৰু যোগান শৃংখলৰ বিঘিনিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰক্ষেপণ কৰা হৈছে। তেওঁ লগতে কয় যে ৰেপ’ ৰেট অপৰিৱৰ্তিত ৰখা হৈছে ৫.২৫%। আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে লগতে কয় যে পশ্চিম এছিয়াৰ সংকটৰ বাবে পণ্যৰ উচ্চ মূল্য আৰু যোগান শৃংখলৰ ব্যাঘাতৰ উদ্বেগে বৃদ্ধিৰ গতি মন্থৰ হ’ব পাৰে।
২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমখন দ্বি-মাহেকীয়া মুদ্ৰানীতি ঘোষণা কৰি আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে ডাঙৰ ডাঙৰ সাগৰীয় পথসমূহত ব্যাঘাত জন্মা আৰু তাৰ ফলত মালবাহী আৰু বীমাৰ ব্যয় বৃদ্ধিয়ে ব্যৱসায়িক সামগ্ৰী ৰপ্তানিত বিৰূপ প্ৰভাৱ পেলাব পাৰে। অৱশ্যে তেওঁ লগতে কয় যে সেৱা খণ্ডত শক্তি অব্যাহত ৰখা, সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰৰ যুক্তিসংগতকৰণৰ প্ৰভাৱ, উৎপাদন খণ্ডত ক্ষমতাৰ ব্যৱহাৰ বৃদ্ধি, আৰু বিত্তীয় প্ৰতিষ্ঠান আৰু কৰ্পৰেটৰ শক্তিশালী বেলেন্স শ্বীটে ঘৰুৱা চাহিদাক সমৰ্থন কৰিব।
মালহোত্ৰাই কয় যে শক্তি আৰু অন্যান্য সামগ্ৰীৰ উচ্চ মূল্যৰ লগতে হৰমুজ জলদ্বীপত হোৱা ব্যাঘাতৰ ফলত যোগানৰ জোকাৰণিৰ ফলত চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ত ঘৰুৱা উৎপাদনৰ গতিত প্ৰভাৱ পৰিব পাৰে। তেওঁ উল্লেখ কৰে যে আৰ বি আইয়ে প্ৰথম ত্ৰৈমাসিকত ৬.৮ শতাংশ, দ্বিতীয় ত্ৰৈমাসিকত ৬.৭ শতাংশ, তৃতীয় ত্ৰৈমাসিকত ৭.০ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৭.২ শতাংশ অৰ্থনৈতিক বৃদ্ধিৰ অনুমান কৰিছে।
সঞ্জয় মালহোত্ৰাই কয় যে বিশ্বৰ বিত্তীয় বজাৰত বৃদ্ধি পোৱা অস্থিৰতা আৰু ঘৰুৱা বিত্তীয় পৰিস্থিতিত ইয়াৰ প্ৰভাৱেও বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব দিব পাৰে। কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত ঘোষণা কৰা কৌশলগত আৰু উদীয়মান খণ্ডত ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা ভাৰতৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ সম্ভাৱনাৰ বাবে ইতিবাচক। তেওঁ কয় যে পশ্চিম এছিয়াত সংঘাতৰ প্ৰাদুৰ্ভাৱৰ ফলত বিশ্বৰ যোগান শৃংখলত গুৰুতৰ ব্যাঘাত জন্মিছে, যাৰ ফলত অধিক মূল্য আৰু লেহেমীয়া বৃদ্ধিৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া