
কামৰূপ, ২২ এপ্ৰিল (হি.স.): ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনেই আৰক্ষীয়ে এটাৰ পিছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীক কেৰেপ নকৰি সৰবৰাহকাৰী সকলে ন ন কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।
এইবাৰ নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহাত নামি পৰিল ৰঙিয়াৰ দুই মাতৃ পুত্ৰ। ৰঙিয়াত সহজ লভ্য হৈ পৰিছে এতিয়া নিষিদ্ধ ড্ৰাগছ যাৰ বাবে ৰঙিয়াত দিনক দিনে বাঢ়িবলৈ ধৰিছে চোৰ ডকাইতিকে ধৰি বিভিন্ন অপৰাধ জনিত কাৰ্য্যকালাপ। ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া উদিয়ানা বালাঁগাৱৰ পৰা কালি বিয়লি আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী দুই মাতৃ পুত্ৰক। লগতে ১৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষীয়ে।প্ৰায় ১৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ বিক্ৰীৰ বাবে ঘৰতে ৰাখি থৈছিল সৰবৰাহকাৰী পৰিয়ালটোৱে।
জানিব পৰামতে ৰান্ধনী ঘৰৰ নিমখ থোৱা পাত্ৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ড্ৰাগছ খিনি। বৰ্তমান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুই মাতৃ পুত্ৰক আটক কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ