
কামৰূপ, ২১ এপ্ৰিল (হি.স.): ৰঙিয়াৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য্য সংঘটিত কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই পাচঁজনকৈ গভাইত চোৰে। অৱশেষত কালি বিয়লি আৰক্ষীৰ জালত পৰিল ৰঙিয়াত সন্ত্ৰাস চলাই অহা এই পাঁছ গভাইত চোৰ। লগতে জব্দ কৰা হৈছে বহু খিনি গেলামাল জাতীয় সামগ্ৰী।
দুদিন আগত ৰঙিয়া ৩ নং ৱাৰ্ডত থকা চাইমা চুপাৰ মাৰ্কেটত সংঘটিত হৈছিল এক চুৰি কাৰ্য্যৰ ঘটনা।চিলিং কাটি চোৰে লুটি লৈ গৈছিল এক লাখ টকা মূল্যৰ সামগ্ৰী সহ নগদ দহ হাজাৰকৈ টকা আৰু এই ঘটনাত জড়িত আছিল এই পাঁছ গভাইত চোৰ। ইতিমধ্যেই ৰঙিয়া আৰক্ষীয়ে আটাইকেইজনক লৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ