শোণিতপুৰৰ বৰঘাটত আৰক্ষীৰ অভিযানত জব্দ সন্দেহজনক ব্ৰাউন চুগাৰ, গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী
শোণিতপুৰ ২০ এপ্ৰিল (হি.স.)। ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে শোণিতপুৰৰ বৰঘাটত সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰী। শোণিতপুৰ আৰক্ষীৰ উ
আৰক্ষীয়ে অভিযানৰ সময়ত জব্দ কৰা সন্দেহজনক ব্ৰাউন চুগাৰ ,গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক


শোণিতপুৰ ২০ এপ্ৰিল (হি.স.)। ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে শোণিতপুৰৰ বৰঘাটত সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰী।

শোণিতপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক তথা বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক ৰাজা ইৰছাদৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত বৰঘাট ঝাৰনীৰ আৰু বি ৰোডত চলোৱা এক অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে। দুয়োজনে এএছ ০৩ এম ১২২৮ নম্বৰৰ ইয়ন গাড়ীৰে ১০৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সৰবৰাহ কৰাৰ সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অভিযানৰ সময়ত জব্দ কৰা ১০৫টা কন্টেইনাৰৰ পৰা ১২দশমিক ৯৮গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জাননী প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ ছমচেৰ আলিৰ পুত্ৰ ৰফিকুল ইছলাম (৪০) আৰু ৰূপকুৰীয়াৰ নিজামুদ্দিনৰ পুত্ৰ জালালুদ্দিন (৪৮)ক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক ৰাজা ইৰছাদে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande