
ধুবুৰী, ০২ এপ্ৰিল (হি.স.): ধুবুৰীৰ ২ নং ৱাৰ্ডত কালি সন্ধিয়া বিজেপিৰ পোষ্টাৰ ফালি দিয়াক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ফালিলে ব্যক্তিগত সম্পত্তিৰ দেৱালত লগোৱা বিজেপিৰ পোষ্টাৰ । ঘটনাস্থলীত উপস্থিত হয় ধুবুৰী আৰক্ষী।
উল্লেখ্য় যে ধুবুৰীত একাংশ ব্যক্তিগত সম্পত্তিৰ ওপৰত থকা দেৱালৰ পৰা বিজেপিৰ পোষ্টাৰ ফালি পেলোৱাক কেন্দ্ৰ কৰি পূৰ্বেও সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিৱেশ।ঘৰৰ মালিকৰ আপত্তি বা কোনো ধৰণৰ অভিযোগ অবিহনেই চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ছিঙিলে পোষ্টাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ