
নগাঁও, ০২ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি বুধবাৰে বিয়লি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দিলিকা বস্তিত ৰহস্য জনক ভাৱে ৰাজপথত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ ।
মৃতদেহটো গেৰুৱা আটি আমতলৰ ৰবিকুল ইছলামৰ বুলি জানিব পৰা গৈছে । বৰ্তমানেও জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ । ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি চলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ