জালুকবাৰী-পাণ্ডুত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্যমন্ত্ৰীৰ বিজয়ক লৈ আশাবাদী ৰিনিকী ভূঞা শৰ্মা
গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ পৰিপ্ৰেক্ষিতত জালুকবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণগতিত চলি আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সমর্থনত জন আশীর্বাদ যাত্ৰাৰ অংশ হিচাপে বুধবাৰে জালুকবাৰী আৰু পাণ্ডু অঞ
জালুকবাৰী-পাণ্ডুত ৰিনিকী ভূঞা শৰ্মাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ


গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ পৰিপ্ৰেক্ষিতত জালুকবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণগতিত চলি আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সমর্থনত জন আশীর্বাদ যাত্ৰাৰ অংশ হিচাপে বুধবাৰে জালুকবাৰী আৰু পাণ্ডু অঞ্চলত তেওঁৰ পত্নী ৰিনিকী ভূঞা শর্মাই সক্ৰিয়ভাৱে প্রচাৰ চলায় ৷

জালুকবাৰী-পাণ্ডুৰ বিভিন্ন অঞ্চলত জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰি ৰিনিকী ভূঞা শৰ্মাই মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কামৰ বাৰ্তা ভোটাৰসকলৰ মাজলৈ প্ৰেৰণ কৰে। বিশেষভাৱে বৰিপাৰা কটিয়া ডলং, পাণ্ডু জয়মতী নগৰ, পাণ্ডু লালমাটি, নিউ কলনী, তৰুণ সংঘ ময়দান, ইনষ্টিটিউট কলনী, কলেজ গেট, ৰেষ্ট কেম্প, আদি স্থানত ৰাইজৰ ৰাজহুৱা আশীৰ্বাদ বিচাৰিছিল।

প্ৰচাৰৰ সময়ত ৰিনিকিৰ সৈতে পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াও উপস্থিত থাকে। পাণ্ডুৰ প্ৰতিটো অঞ্চলৰ পৰা কাউন্সিলাৰ, বুথ পৰ্যায়ৰ সদস্য, সক্ৰিয় বিজেপি কৰ্মী আৰু বৃহৎ সংখ্যক স্থানীয় বাসিন্দাসকলেও উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

প্ৰচাৰৰ সময়ত ৰিনিকিয়ে জালুকবাৰী বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ জয়ৰ ওপৰত দৃঢ় আস্থা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে জনসাধাৰণৰ সমৰ্থন আৰু মৰমে এইবাৰো ব্যাপক জয়ৰে মুখ্যমন্ত্ৰীৰ জয় নিশ্চিত কৰিব। তেওঁৰ মতে, পূৰ্বৰ অভিলেখ ভংগ কৰি এই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই অধিক ব্যৱধানত জয়ী হ’ব।

জালুকবাৰী বিধান সভা সমষ্টিৰ এই সক্ৰিয় প্ৰচাৰ ৰাজনৈতিক মহলত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। জনসাধাৰণেও এই অভিযানৰ প্ৰতি যথেষ্ট উৎসাহ আৰু আগ্ৰহ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande