
নলবাৰী, ০২ এপ্ৰিল (হি.স.): সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিতো ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । সমষ্টিটোত তীব্ৰতৰ হৈছে প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰ। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাত বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই নিৰ্বাচনী প্ৰচাৰ চলায় । মুকালমুৱাত যোৱা কালি বুধবাৰে নিশালৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই তীব্ৰ প্ৰচাৰ চলায় । বিশাল সমদল কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মুকালমুৱা ককয়া আৰু টেঘেৰীয়াট্টাৰী গাঁৱত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰে নাৰায়ণ ডেকাই।
মুকালমুৱাৰ মাজমজিয়াৰে সমৰ্থকক লগত লৈ বিশাল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলায় নাৰায়ণ ডেকাই। তাৰ পিছতে মুকালমুৱাত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হলে মুকালমুৱাক নগৰ হিচাপে সকলো কাম কাৰ্যকৰী কৰিব বুলি মন্তব্য কৰে নাৰায়ন ডেকাই । বৰক্ষেত্ৰীত এইবাৰ নিৰ্বাচনত প্ৰতিপক্ষৰ সৈতে কোনোধৰণৰ যুজঁ নহয় বুলিও ব্য়ক্ত কৰে নাৰায়ন ডেকাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ