
হোজাই, ০২ এপ্ৰিল (হি.স.): সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। দিনে নিশাই চলিছে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ প্ৰতিযোগিতা। একেদৰে লামডিং সমষ্টিটোত বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰই ব্য়াপক প্ৰচাৰ অভিযান চলাই আছে।
যোৱা কালি বুধবাৰে সন্ধিয়া লামডিঙত কেবিনেট মন্ত্ৰী পিযুচ হাজৰিকাৰ উপস্থিতিত আৰু সমগ্ৰ লামডিঙত বাইক, অটো আৰু চাৰিচকীয়া বাহন লগত লৈ ৰেলি উদযাপন কৰা হৈছে । লামাডিং ইটাভাটা চাৰিআলিৰ পৰা এই ৰেলি আৰম্ভ কৰা হৈছিল । তাৰপিছত লামডিং ঠাকুৰ বাৰী ৰোডত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয় । এই ৰেলীত পুৰুষ মহিলাৰ উপস্থিতিত সহস্ৰাধিক বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰে। ইফালে কেবিনেট মন্ত্ৰী পিযুচ হাজৰিকাই কয় যে কংগ্ৰেছক ভোট দিলে পুনৰ হত্যা আৰু ডকাইতিৰ সৃষ্টি হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ