
কোকৰাঝাৰ, ০২ এপ্ৰিল (হি.স.): সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। কোকৰাঝাৰৰ বাওঁখুংগ্ৰী সমষ্টিত বিপিএফ দলৰ মাৰাথন প্ৰচাৰ অব্য়াহত আছে ৷ সমষ্টিটোৰ মানকাচৰত যোৱা কালি বুধবাৰে সন্ধিয়া বিপিএফৰ (এনডিএ) প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ৰ সমৰ্থনত বিটিচিৰ কাৰ্য্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ে নিৰ্বাচনী প্ৰচাৰ চলায় ।
ইপিনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিটিচিৰ কাৰ্য্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ে বিটিচিৰ ১৫খন আসনতে এনডিএৰ জয় নিশ্চিত বুলি দাবী কৰে । তেওঁ কয় যে অসমত এনডিএ চৰকাৰ হোৱাৰ পিছত ৰাইজে বহু উপহাৰ লাভ কৰিবলৈ সমৰ্থ হ’ব । ইফালে আগন্তুক দিনত ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ নেতা নহয় বেটা হিচাপে কাম কৰিব বুলিও বিপিএফৰ (এনডিএ) প্ৰাৰ্থী ৰূপম ৰায়ে মন্তব্য় আগবঢ়ায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ