সংসদত উত্থাপন তিনিখন বিধেয়ক, কংগ্ৰেছৰ বিৰোধিতা কৰিবলৈ সংকল্প
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। সংসদৰ বিশেষ অধিৱেশনৰ সময়ত আজি লোকসভাত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে চৰকাৰে। কংগ্ৰেছ নেতা কে চি ভেনুগোপালে এইক্ষেত্ৰত তেওঁলোকৰ বিৰোধিতা কৰে। কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ভেন
संसद का आज विशेष सत्र शुरू हुआ है।


নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। সংসদৰ বিশেষ অধিৱেশনৰ সময়ত আজি লোকসভাত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে চৰকাৰে। কংগ্ৰেছ নেতা কে চি ভেনুগোপালে এইক্ষেত্ৰত তেওঁলোকৰ বিৰোধিতা কৰে। কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ভেনুগোপালে বিধেয়কসমূহৰ গুৰুত্ব সন্দৰ্ভত কোনো মন্তব্য দিব নোৱাৰে আৰু কেৱল কাৰিকৰী আপত্তিহে উত্থাপন কৰিব পাৰে। বিতৰ্কৰ সময়ত বিৰোধীক তীব্ৰ সঁহাৰি দিব চৰকাৰে। সমাজবাদী পাৰ্টিয়ে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬, আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬, সদনত উত্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায় ।এই বিধেয়কসমূহে দেশৰ নিৰ্বাচনী আৰু প্ৰশাসনিক ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰে।

কংগ্ৰেছ নেতা কে চি ভেনুগোপালে এই তিনিখন বিধেয়ক উত্থাপনৰ বিৰোধিতা কৰে। তেওঁ সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬, কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬, আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬ সদনত উত্থাপন কৰাত আপত্তি কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া দিছিল শ্বাহে। অমিত শ্বাহে কয় যে কেচি ভেনুগোপালে বিধেয়কসমূহৰ গুৰুত্ব সন্দৰ্ভত কোনো মন্তব্য দিব নোৱাৰে আৰু কেৱল কাৰিকৰী আপত্তিহে উত্থাপন কৰিব পাৰে। বিতৰ্কৰ সময়ত বিৰোধীক তীব্ৰ প্ৰত্যুত্তৰ দিব বুলিও তেওঁ কয়।

লোকসভাত সমাজবাদী পাৰ্টিৰ সদস্য ধৰ্মেন্দ্ৰ যাদৱে কয় যে তেওঁৰ দলে সংবিধান (১৩১ সংশোধনী) বিধেয়ক ২০২৬, কেন্দ্ৰীয় শাসিত আইন (সংশোধনী) বিধেয়ক, ২০২৬, আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬ৰ বিৰোধিতা কৰে । কিন্তু তেওঁৰ দলে মহিলা সংৰক্ষণৰ প্ৰবল সমৰ্থক আৰু এই বিষয়ত আপোচ নকৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande