
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰত্যেক মৃতকৰ পৰিয়াললৈ ২ লাখ ₹ আৰু আহতসকললৈ ₹৫০,০০০ টকা একককালিন সহায়তা প্ৰদান কৰা হ’ব। ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত দুখজনক বুলি ব্যক্ত কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া