
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। সংসদৰ বিশেষ অধিৱেশনত বুধবাৰে মহিলা সংৰক্ষণ আইন সম্পৰ্কীয় তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬, আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬ উত্থাপন কৰাৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ উত্থাপন কৰে।
বিৰোধীয়ে এই বিধেয়কসমূহৰ প্ৰতিবাদ আৰম্ভ কৰিছে । কংগ্ৰেছ নেতা কে চি ভেনুগোপালে প্ৰথমে উল্লেখ কৰিছিল যে চৰকাৰে সংবিধান হাইজেক কৰিব বিচাৰে। ইয়াৰ পিছত সমাজবাদী পাৰ্টিৰ সাংসদ ধৰ্মেন্দ্ৰ যাদৱে কয় যে মুছলমান মহিলাক সংৰক্ষণৰ ব্যৱস্থা নকৰিলে আইনখনৰ কোনো অৰ্থ নাই। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰত্যুত্তৰ দি কয় যে ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ কৰাটো অসাংবিধানিক আৰু প্ৰশ্নৰ বাহিৰত।
সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱেও কয় যে দেশে আধা জনসংখ্যাৰ বাবে সংৰক্ষণ বিচাৰে, কিন্তু মুছলমান মহিলাৰ বাবে কি ব্যৱস্থা আছে? ইয়াৰ বিপৰীতে অমিত শ্বাহে কয় যে সমাজবাদী পাৰ্টিয়ে ইচ্ছা কৰিলে মুছলমান মহিলাক নিজৰ টিকট দিব পাৰে; এই ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাথাকিব।
সংশোধনী বিধেয়কখনত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ খনৰ পৰা ৮৫০খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ভিতৰত ৰাজ্যৰ বাবে ৮১৫খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ৩৫খন আসন আবণ্টন দিয়া হ’ব। সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত আসনৰ সঠিক সংখ্যা নিৰ্ণয় কৰা হ’ব। প্ৰস্তাৱিত সংশোধনীৰ অধীনত মহিলাৰ বাবে ২৭৩খন আসন সংৰক্ষিত কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া