
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে কংগ্রেছৰ সভাপতি মল্লিকর্জুন খর্গেৰ অধ্যক্ষতাত বিৰোধী ইণ্ডিয়া মিত্রজোঁটৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয় ৷ বিৰোধী দলসমূহৰ নেতাসকলে ৰাজ্যসভাৰ খৰ্গেৰ কাৰ্যালয়ত বৈঠকত মিলিত হৈ কৌশল ৰচনা কৰে। এই বিশেষ বৈঠকত ২০২৯ চনৰ লোকসভা নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণ আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাকে ধৰি তিনিটা মূল বিধেয়ক আলোচনা কৰা হয়। আসনৰ সংখ্যা ৫৪৩ৰ পৰা সৰ্বাধিক ৮৫০লৈ বৃদ্ধি আৰু সীমা নিৰ্ধাৰণৰ ব্যৱস্থাক লৈ বিৰোধীয়ে উদ্বেগ প্ৰকাশ কৰে।
সভাত ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, চৈয়দ নাছিৰ হুছেইন, প্ৰমোদ তিৱাৰী, জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সুপ্ৰিয়া চুলে, শিৱসেনাৰ সঞ্জয় ৰাউত, তৃণমূল কংগ্ৰেছৰ সাগৰিকা ঘোষ আদি উপস্থিত থাকে।
বৈঠকৰ পাছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এক্সত লিখিছে যে মহিলা সংৰক্ষণৰ নামত উত্থাপন কৰা ত্ৰুটিপূৰ্ণ সীমা নিৰ্ধাৰণ বিধেয়ক বিৰোধীয়ে সংসদ হাইজেক কৰিবলৈ নিদিয়ে। বিৰোধী দলসমূহ একত্ৰিত হৈ গণতন্ত্ৰৰ এই আক্ৰমণক দৃঢ়তাৰে প্ৰতিহত কৰিব।
আৰ এছ পিৰ সাংসদ এন কে প্ৰেমাচন্দ্ৰনে কয় যে বিৰোধীয়ে মহিলা সংৰক্ষণ বিধেয়কক সম্পূৰ্ণৰূপে সমৰ্থন কৰে যদিও সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰে। তেওঁ কয় যে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তাৱিত সীমা নিৰ্ধাৰণে ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশে প্ৰায় ১৩৫খন আসন লাভ কৰাৰ বিপৰীতে কেৰালাই মাত্ৰ ২২.৫খন আসন লাভ কৰিব। এই বৈষম্যৰ বাবেই বিৰোধীয়ে চৰকাৰৰ পন্থাৰ বিৰোধিতা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া