ৰাজ্য়জুৰি ৰঙালীৰ উছাহ–আজি মানুহ বিহু
গুৱাহাটী, ১৫ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি আজি ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। পৰম্পৰাগত ৰীতিৰে পালন কৰা হৈছে ৰঙালী বিহু। আজি পহিলা ব’হাগ, অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। পৰম্পৰা অনুসৰি পহিলা ব’হাগত অসমবাসীয়ে ‘মানুহ বিহু’ পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি স
ৰঙালী  বিহু


গুৱাহাটী, ১৫ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। পৰম্পৰাগত ৰীতিৰে পালন কৰা হৈছে ৰঙালী বিহু। আজি পহিলা ব’হাগ, অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। পৰম্পৰা অনুসৰি পহিলা ব’হাগত অসমবাসীয়ে ‘মানুহ বিহু’ পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোসাঁইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে। মানুহ বিহুৰ দিনা কনিষ্ঠজনে জ্যেষ্ঠজনক চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাঁচে। একেদৰে বছৰটোৰ মংগল কামনাৰে মঠ-মন্দিৰতো পহিলা বহাগত দৰ্শনাৰ্থীৰ ভিৰ দেখিবলৈ পোৱা যায়। পুৱাতেই স্নান কৰি নেদেখাজনৰ ওচৰত সেৱা লয় সংস্কৃতিৱান অসমীয়াই।

উল্লেখ্য যে ৰঙালী বিহু অথবা ব’হাগ বিহু উদযাপন কৰা হয় সাদিনীয়াকৈ ৷ সাত বিহুৰ অন্যতম হৈছে মানুহ বিহু। চ’তৰ সংক্ৰান্তিৰ পৰা অসমীয়াই উদযাপন কৰে বাপতিসাহোন ৰঙালী বিহু ৷ সাতদিনীয়াকৈ পালন কৰা হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু উদযাপন কৰিলে চহা অসমীয়াই। সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ এই সাতবিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু অথবা চেনেহী বিহু আৰু চেৰা বিহু ৷

গৰু বিহুঃ সংক্ৰান্তিৰ দিনটোত পালন কৰা হয় গৰু বিহু ৷ গৰু বিহুৰ দিনটোত পুৱাই গৰুক মাহ-হালধিৰে নোৱাই গা ধুওৱা হয় । ইয়াৰ পাচতে বাঁহৰ ছাটত গুঠি লোৱা লাও-বেঙেনা আদি গাত চটিয়াই গৰুৰ ন-শক্তি কামনা কৰা হয় ৷ সন্ধিয়া ন-পঘাৰে বন্ধা হয় ৷

মানুহ বিহুঃ পহিলা ব’হাগৰ দিনটো পালন কৰা হয় মানুহ বিহু হিচাবে ৷ মানুহৰ বিহুৰ পুৱা মাহ-হালধিৰে গা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে । এই দিনটোতে আত্মীয়-স্বজন আৰু আপোনজনৰ মাজত বিহুৱানৰ আদান-প্ৰদান কৰা হয় ৷

গোসাঁই বিহুঃ সাতবিহুৰ তৃতীয়টো দিন গোসাঁই বিহু হিচাবে পালন কৰা হয় । অৱশ্যে ঠাইভেদে কুটুম বিহু বুলিও কোৱা হয় ৷ উক্ত দিনত গাঁৱৰ ৰাজহুৱা ধৰ্মীয় স্থানত নাম-প্ৰসংগ কৰা হয় ৷ বছৰটো কুশলে যাবলৈ নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰা হয় ৷ আনহাতে এই দিনটোতে জী-জোঁৱাইসকল মাকৰ ঘৰলৈ যায় । ইষ্ট-কুটুম্বই পৰস্পৰক আদৰ কৰে ৷

তাঁত বিহুঃ তাঁতশাল অসমীয়াৰ অতিকে আদৰৰ ৷ তাঁতশালত সপোন ৰঁচে অসমীয়া শিপিনীয়ে ৷ শিপিনীসকলে তাঁতশাল চাফা কৰি, তাঁতৰ সঁজুলি পূজা কৰে । সেয়েহে ব’হাগ বিহুৰ চতুৰ্থটো দিনত পালন কৰা হয় তাঁতৰ বিহু ।

নাঙল বিহুঃ সাতবিহুৰ পঞ্চমটো দিন নাঙলৰ বিহু হিচাবে পালন কৰা হয় ৷ জাতিৰ পৰম্পৰা ৰক্ষা কৰি কৃষিজীৱী অসমীয়াই নাঙল বিহু পালন কৰে । কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহ চাফ-চিকুন কৰি চাকি-বন্তি জ্বলাই পালন কৰা হয় নাঙল বিহু ৷

জীয়ৰী বিহু অথবা চেনেহী বিহুঃ জীয়ৰী বিহু অথবা চেনেহী বিহুৰ এই দিনটোত বিবাহিতা জীয়াৰীসকল মাতৃগৃহলৈ অথৱা বায়েক-ভনীয়েকৰ ঘৰলৈ যোৱাৰ এক পৰম্পৰা আছে ৷

চেৰা বিহুঃ সাতবিহুৰ অন্তিমটো দিন চেৰা বিহু হিচাবে পালন কৰা হয় । কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয় ৷ চেৰা বিহুৰ দিনটো ৰঙালী বিহুৰ সামৰণি দিন, য’ত বিহুৰ সঁজুলিসমূহ ধুই-পখালি থোৱা হয়। চেৰা বিহুৰ দিনটোতে বিচনীৰ বা লোৱা হয়। এইদৰে বিচনীৰ বা ল’লে গোটেই বছৰটো গা শাঁত পৰি থাকে বুলি লোকবিশ্বাস আছে ৷

সম্প্ৰতি সমগ্ৰ অসমত হেঁপাহৰ ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল। আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে ৰঙালীৰ ৰঙীন অনুষ্ঠান। ফৰকাল বতৰত নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত বিহুৰ মঞ্চত বিহুসূৰীয়া গীত পৰিৱেশন কৰি ৰাইজৰ লগতে শিল্পীসকলো ৰঙালীৰ আনন্দত মতলীয়া হৈ পৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande