শিলচৰত উলহ মালহেৰে উদযাপন ৰঙালী বিহু
কাছাৰ, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা ব''হাগ। আজিৰে পৰা ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে আজি শিলচৰতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু। অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবা
শিলচৰত উলহ মালহেৰে উদযাপন ৰঙালী বিহু


কাছাৰ, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা ব'হাগ। আজিৰে পৰা ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে আজি শিলচৰতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু। অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত পালন কৰা হৈছে ৰঙালী বিহু।

বিশেষকৈ চাকৰি সূত্ৰে শিলচৰত বসবাস কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসমীয়া সকলে এই বিহুত অংশ গ্ৰহণ কৰিছে। নিজৰ ঘৰ খনৰ পৰা বহু দুৰত থাকিও এই অসমীয়া সকলে হেপাহেৰে পালন কৰি আহিছে হেপাহৰ ৰঙালী বিহুটি। বিহুৰ পিচত পাচ জন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande