ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা।
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা


কামৰূপ, ১৫ এপ্ৰিল (হি.স.):ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত যোৱা কালি মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তুলসীবাৰী এপ'ল চকত সন্ধিয়া দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে ।

সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী কৃষ্ণ কলিতাৰ লগতে আন দুগৰাকী বাইক আৰোহী। সংকটজনক অৱস্থাত তিনিওগৰাকী লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰত্যক্ষ দৰ্শীয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত তুলসীবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande