
বৰপেটা ১৫ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ সহযোগত সোমবাৰে সন্ধিয়া চলা এক বিশেষ অভিযানত বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা ৮জনীয়া এটি চাইবাৰ অপৰাধীৰ গেং কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত ৮ অপৰাধীৰ পৰা আৰক্ষীয়ে চাইবাৰ অপৰাধ সংঘটিত কৰাৰ বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।সম্প্ৰতি বৰপেটা ৰোড তথা বৰপেটা জিলা আৰক্ষীয়ে ধৃত ৮ অপৰাধীক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে। এই ঘটনা সন্দৰ্ভত যোৱা কালি মঙলবাৰে নিশা বৰপেটা ৰোড আৰক্ষী থানাত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক পুস্কিন জৈন সংবাদ মেল সম্বোধন কৰি ঘটনাৰ বিষয়ে সবিশেষ ব্যক্ত কৰে।
ধৃত চাইবাৰ অপৰাধী ৮জন ক্ৰমে কাটাঝাৰ পথাৰৰ জুবাহাৰ আলীৰ পুত্ৰ চাহিনুৰ ইছলাম (৩২ ), বৰপেটা ৰোড ৯নং ৱাৰ্ড শক্তি নগৰৰ মহম্মদ নাজিমুদ্দিনৰ পুত্ৰ মহম্মদ সোহেব (২০), বৰপেটা ৰোড চেংগুলীয়াৰ ছাবুৰ উদ্দিনৰ পুত্ৰ ৰাহুল আমিন (১৯), বৰপেটা ৰোড খৈৰাবাৰীৰ চেলিম উদ্দিন আহমেদৰ পুত্ৰ চাহিৰ উদ্দিন আহমেদ ( ২১), বৰপেটা ৰোড ৯নং ৱাৰ্ড শক্তি নগৰৰ বিল্লাল হুছেইনৰ পুত্ৰ ছাকিল হুছেইন (১৯), বৰপেটা ৰোড চেংগুলীয়াৰ মূল উদ্দিনৰ পুত্ৰ শ্বৰীফুল ইছলাম (১৯), বৰপেটা ৰোড কাটাঝাৰ গাঁৱৰ আক্কাছ আলীৰ পুত্ৰ মকিবুৰ হুছেইন ( ১৯), বৰপেটা ৰোড চেংগুলীয়াৰ মঞ্জিল হকৰ পুত্ৰ মজিদুল ইছলাম (২৮)।
আৰক্ষী অধীক্ষক পুস্কিন জৈনে জনায় যে ধৃত অপৰাধী ৮জনে চাইবাৰ অপৰাধ সংঘটিত কৰাৰ বাবে কলিকতাৰ পৰা প্ৰশিক্ষণ লৈ বৰপেটা ৰোডৰ আজাদ নগৰত ঘাটি পাতি চলাই আহিছিল এই কাণ্ড। উক্ত সংবাদমেলত আৰক্ষী অধীক্ষক পুস্কিন জৈনৰ লগতে বৰপেটা জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ