গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন
গা-ধুবলৈ গৈ পানীত ডুবি মৃত্যু উদ্যানৰ কৰ্মী ২৩ বছৰীয়া অজয় কুৰ্মী।
গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন


দৰং, ১৫ এপ্ৰিল (হি.স.): ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এক অঘটন সংঘটিত হৈছে । গা-ধুবলৈ গৈ পানীত ডুবি মৃত্যুমুখত পৰে উদ্যানখনৰ কৰ্মী ২৩ বছৰীয়া অজয় কুৰ্মী নামৰ যুৱকজনৰ । জানিব পৰা মতে উদ্যানখনৰ বালিকেম্প নামৰ কেম্পটোত কৰ্মৰত আছিল কুৰ্মী। উদ্যানখনত কেজুৱেল কৰ্মী ৰূপে নিয়োজিত হৈ আছিল ২৩ বছৰীয়া অজয় কুৰ্মী। ৪ নং শিয়ালমাৰীৰ সমীপৰ বালিকেম্প নামৰ কেম্পটোত কৰ্মৰত আছিল কুৰ্মী ।

কেম্পটোৰ সমীপত এটা দ-খাৱৈত কালি পুৱা গা-ধুবলৈ গৈ পানীত ডুবি গৈছিল অজয় কুৰ্মী। উদ্যানখনৰ কৰ্মীসকলে সন্ধান কৰি উদ্ধাৰ কৰিবলৈ নোৱাৰাত অৱশেষত এছডিআৰএফ, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ লোক আৰু আপদা মিত্ৰৰ দল আহি কালি বিয়লি পানীৰ পৰা উদ্ধাৰ কৰে অজয় কুৰ্মীৰ মৃতদেহ ৷ ঢেকিয়াজুলীৰ বাসিন্দা আছিল অজয় কুৰ্মী৷ জানিব পৰা মতে উদ্যানখনৰ কাষতে ধনশ্ৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ হৈ থকা জিঅ টিউব বান্ধৰ প্ৰয়োজনত উদ্যানখনৰ ভিতৰৰ পৰাই ঠিকাদাৰে বালি মাটি সংগ্ৰহ কৰোতে সৃষ্টি হৈছিল বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত ৷

উক্ত গাঁততে ডুবি মৃত্যু হয় বনকৰ্মী অজয় কুৰ্মীৰ ৷ ইপিনে উদ্যানখনৰ বনাঞ্চলিক বিষয়া ৰূপম দলে ঘটনাৰ স্থানটো উদ্যানখনৰ বাহিৰত বুলি জনায় যদিও উদ্যানখনৰ উক্ত ঠাইখিনি উদ্যানখনৰ অন্তৰ্ভুক্ত বুলি জানিব পৰা গৈছে ৷ উদ্যানখনৰ ভিতৰৰ পৰা কেনেকৈ ঠিকাদাৰে মাটি বালি সংগ্ৰহ কৰিব পাৰে এই লৈ ৰহস্য়ৰ সৃষ্টি হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande