
নগাঁও ১৫ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ ঘটনা।চামগুৰিৰ দুই নং খলীহামাৰীত জ্য়েষ্ঠ ভাতৃক কনিষ্ঠ ভাতৃয়ে ভয়ংকৰ আক্ৰমণ কৰে ।
জানিব পৰামতে ভাগিনে চোতালত প্ৰসাৱ কৰাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হয় । চোকা দাৰে কাটি দুই টুকুৰা কৰিলে জ্য়েষ্ঠ ভাতৃৰ হাত । ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ