পহিলা ব'হাগত ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ভিৰ
যোৰহাট, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা ব''হাগ । পহিলা ব''হাগৰ পুৱাই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ভিৰ l অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে নিজৰ পৰিয়ালৰ লগতে ৰাজ্যৰ সকলোৰে মংগল কামনাৰে এগছি চাকি-বন্তি সহিতে সেৱা ল''লে
পহিলা ব'হাগত ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ভিৰ


যোৰহাট, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা ব'হাগ । পহিলা ব'হাগৰ পুৱাই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ভিৰ l

অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে নিজৰ পৰিয়ালৰ লগতে ৰাজ্যৰ সকলোৰে মংগল কামনাৰে এগছি চাকি-বন্তি সহিতে সেৱা ল'লে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত l

পূৰ্বৰ পৰাই পহিলা ব'হাগৰ দিনটোত অগনন ভক্তৰ সমৱেশ ঘটে এই বৰনামঘৰত অনুৰূপ দৃশ্য আজিও দেখিবলৈ পোৱা গৈছে l ভক্তৰ সমাৱেশেৰে সপ্তবৈকুণ্ঠ স্থলিলৈ পৰিণত কৰিছে বৰনামঘৰৰ চৌহদ। নামঘৰ পৰিচালনা সমিতিয়ে ৰাজ্যৰ সৰ্বত্ৰ প্ৰান্তৰ ,সকলো স্তৰৰ লোকৰ মংগল কামনা কৰিছে আজিৰ এই পৱিত্ৰ দিনটোত l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande