দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ
দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ ৷
দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰত মৃত শিহু উদ্ধাৰ


কামৰূপ, ১৫ এপ্ৰিল (হি.স.): দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰত যোৱা কালি মঙলবাৰে বিয়লি এটি মৃত শিহু উদ্ধাৰ কৰা হৈছে ৷ গুইমাৰাত উদ্ধাৰ কৰা হয় উৱলি যাবলৈ আৰম্ভ কৰা শিহুতো ৷ উদ্ধাৰ কৰা শিহুতো প্ৰায় ৩০ কিলো ওজনৰ হ’ব বুলি অনুমান কৰা হৈছে ৷

জানিব পৰামতে গুইমাৰাত ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত মৃত শিহুতো স্থানীয় লোকে প্ৰত্যক্ষ কৰি কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে ৷ পিচত ঘটনাস্থলীত কুকুৰমাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লোক উপস্থিত হৈ মৃত শিহুটি উদ্ধাৰ কৰি লৈ আহে । পিচত চিকিৎসালয়ত শিহুটিৰ মৰণোত্তৰ পৰীক্ষা কৰি আনি মাটিত পুতি থয় । মৃত শিহুটিৰ এই খবৰে অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী সকলে দুখ প্ৰকাশ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande