
গোৱালপাৰা, ১৫ এপ্ৰিল (হি.স.): গোৱালপাৰা জিলাৰ মন্দিয়াৰ ২ নং বৰদলনীত ভক্তিময় পৰিৱেশত চড়ক পূজা অনুষ্ঠিত কৰা হয় । মন্দিয়া সমষ্টিৰ অন্তৰ্গত ২ নং বৰদলনী গাঁৱত কালি সন্ধিয়া পৰম্পৰাগত ৰীতি-নীতিৰে ব্যাপক উৎসাহ-উদ্দীপনাৰে চড়ক পূজা অনুষ্ঠিত হয় । এই চড়ক পূজাত স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণে গাঁওখনত এক ভক্তিময় আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
চড়ক পূজা উপলক্ষে পূজা-অৰ্চনা,ভক্তিমূলক কাৰ্যসূচী আৰু বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠান আয়োজন কৰা হয়।ভক্তসকলৰ উপস্থিতিত গাঁওখনত দিনটো জুৰি এক বিশেষ আধ্যাত্মিক পৰিৱেশ দেখা যায় । বিশেষকৈ চড়ক গছত ভক্তসকলৰ তপস্যামূলক কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এই পূজাত দূৰ-দূৰণিৰ লোকেও অংশগ্ৰহণ কৰি পূজাৰ মাহাত্ম্য বৃদ্ধি কৰে । স্থানীয় ৰাইজে একেলগে মিলি এই উৎসৱ সফলভাৱে সম্পন্ন কৰে আৰু পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । সামগ্ৰিকভাৱে,২ নং বৰদলনীত অনুষ্ঠিত চড়ক পূজাই গাঁওখনৰ ঐতিহ্য আৰু সাংস্কৃতিক একতাক পুনৰ প্ৰতিফলিত কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ