
গোলাঘাট, ১৫ এপ্ৰিল (হি.স.): ৰাজ্যজুৰি ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। সমগ্ৰ সৰ্বসাধাৰণ ৰাইজৰ লগত ৰাজনৈতিক নেতা কৰ্মীসকলো ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে। গৰুবিহু সন্ধিয়া নিজৰ চোতালত ঢোল বজাই নাচনীৰ সৈতে নাচিলে মন্ত্ৰী অতুল বৰাই।
চোতাল বিহুৰ ঢুলীয়া নাচনীক সংগ দি বিহুত মতলীয়া জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা। বোকাখাতৰ নিজা বাসগৃহত হুচৰি গাই আশীৰ্বাদ প্ৰদান কৰিবলৈ অহা বিহু হুচৰি দলৰ লগত একেলগে বিহু মাৰিলে অগপৰ সভাপতি গৰাকীয়ে। বিহুৱা ৰাইজৰ আশীৰ্বাদ ল'লে নিজৰ মংগলৰ বাবে। ইফালে জুবিন বিহীন এই ব'হাগ উৰুঙা বুলি মন্তব্য কৰে অতুল বৰাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ