আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু প্ৰশিক্ষক গম্ভীৰৰ সৈতে টি-২০ বিশ্বকাপৰ ট্ৰফী লৈ হনুমান মন্দিৰ পৰিদৰ্শন অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ
আহমেদাবাদ, ০৯ মাৰ্চ (হি.স.)। আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এক ঐতিহাসিক জয় অৰ্জন কৰে । এই আকৰ্ষণীয় জয়ৰ পিছতে ভাৰতীয় দলৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহ
T20 वर्ल्ड कप जीतने के बाद ट्रॉफी के साथ हनुमान मंदिर पहुंचे कप्तान सूर्या


T20 वर्ल्ड कप जीतने के बाद ट्रॉफी के साथ हनुमान मंदिर पहुंचे कप्तान सूर्या


আহমেদাবাদ, ০৯ মাৰ্চ (হি.স.)। আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এক ঐতিহাসিক জয় অৰ্জন কৰে । এই আকৰ্ষণীয় জয়ৰ পিছতে ভাৰতীয় দলৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহৰ সৈতে আহমেদাবাদৰ বিখ্যাত হনুমান মন্দিৰ পৰিদৰ্শন কৰে। ইয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত অধিনায়ক সূৰ্যকুমাৰ যাদৱক বিশ্বকাপৰ জিলিকি থকা ট্ৰফী হাতত লৈ থকা দেখা গৈছে । বিজয়ৰ আনন্দৰ মাজতে অধিনায়ক যাদৱ, আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে ভগৱান হনুমানৰ চৰণত প্ৰণাম কৰি তেওঁৰ আশীৰ্বাদ বিচাৰিছিল। আইচিচি টি-২০ বিশ্বকাপ জয়ৰ পিছত সমগ্ৰ দেশতে উদযাপন চলি আছে। দলৰ নেতৃত্বৰ সৰলতা আৰু বিশ্বাসেও হৃদয় জয় কৰিছে।

উল্লেখযোগ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে আৰু সামগ্ৰিকভাৱে তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল । এই জয়ৰ জৰিয়তে ভাৰতে সৰ্বাধিক বাৰ, তিনিবাৰকৈ টি-২০ বিশ্বকাপৰ ট্ৰফী জয় কৰা দলত পৰিণত হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande