এ এফ চি মহিলা এছিয়ান কাপত চীনা টাইপেইৰ বিৰুদ্ধে ফাইনেল খেলৰ বাবে সাজু ভাৰত
ছিডনী, ০৯ মাৰ্চ (হি.স.)। ভাৰতীয় ছিনিয়ৰ মহিলা ফুটবল দলটোৱে এ এফ চি মহিলা এছিয়ান কাপ অষ্ট্ৰেলিয়া ২০২৬ৰ তৃতীয় আৰু অন্তিমখন গ্ৰুপ চি মেচত চীনা টাইপেইৰ বিৰুদ্ধে খেলিব। এই খেলখন ১০ মাৰ্চত ছিডনীৰ ৱেষ্টাৰ্ণ ছিডনী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয়
भारतीय मिडफील्डर शिल्की देवी हेमाम


ছিডনী, ০৯ মাৰ্চ (হি.স.)। ভাৰতীয় ছিনিয়ৰ মহিলা ফুটবল দলটোৱে এ এফ চি মহিলা এছিয়ান কাপ অষ্ট্ৰেলিয়া ২০২৬ৰ তৃতীয় আৰু অন্তিমখন গ্ৰুপ চি মেচত চীনা টাইপেইৰ বিৰুদ্ধে খেলিব। এই খেলখন ১০ মাৰ্চত ছিডনীৰ ৱেষ্টাৰ্ণ ছিডনী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময়মতে ২:৩০ বজাৰ পৰা আৰম্ভ হ’ব ।

বৰ্তমান ভাৰতে দুখন খেলৰ পৰা শূন্য পইণ্ট লাভ কৰি গ্ৰুপৰ চতুৰ্থ স্থানত আছে। ভিয়েটনামৰ বিৰুদ্ধে ১-২ আৰু জাপানৰ বিৰুদ্ধে ০-১১ গ’লত পৰাস্ত হয় দলটো। জাপানে দুখন মেচত ৬ পইণ্টেৰে গ্ৰুপত আগবাঢ়ি থকাৰ বিপৰীতে চীনা টাইপেই আৰু ভিয়েটনামে ৩ পইণ্টকৈ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

অৱশ্যে ব্লু টাইগ্ৰেছৰ হাতত এতিয়াও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ সুযোগ আছে। ইয়াৰ বাবে ভাৰতে চীনৰ টাইপেইক কমেও দুটা গ’লৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব, আৰু মঙলবাৰে ভিয়েটনামৰ বিৰুদ্ধে জাপানে জয়লাভ কৰিব লাগিব। আনকি এটা গ’লৰ জয়ো ভাৰতৰ বাবে যথেষ্ট হ’ব পাৰে, যদিহে সোমবাৰৰ বাংলাদেশ আৰু উজবেকিস্তানৰ মাজত খেলখন ড্ৰ’ত শেষ হয়। তিনিটা গ্ৰুপৰ প্ৰতিটোৰ পৰা শীৰ্ষ দুটা দল আৰু তৃতীয় স্থানৰ শ্ৰেষ্ঠ দুটা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব।

ভাৰতৰ মুখ্য প্ৰশিক্ষক আমেলিয়া ভালভাৰ্ডে যোৱা দুখন মেচৰ ফলাফলৰ ওপৰেৰে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে, দুয়োখন মেচ (ভিয়েটনাম আৰু জাপানৰ বিৰুদ্ধে) সম্পূৰ্ণ বেলেগ আছিল। আমি প্ৰথম কামটো হ'ল যি হৈছে তাক যিমান পাৰি সোনকালে পিছুৱাই দিব লাগিব। এই মেচৰ বাবে আমি ভালদৰে প্ৰস্তুতি চলাব লাগিব, আৰু তাত কোনো সন্দেহ নাই। ভালভাৰ্ডে কয়, আমি এই মেচৰ গুৰুত্ব বুজি পাইছো। আমি শেষৰখন মেচক পিছ পেলাইছো, আৰু এতিয়া আমাৰ হাতত এই সুযোগ আছে, যিটো আমি অতি গুৰুত্বসহকাৰে ল'ব লাগিব।

তেওঁ আৰু কয়, খেলুৱৈসকলে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে আৰু আমি আমাৰ সুযোগক গ'ললৈ ৰূপান্তৰিত কৰাৰ কাম কৰি আছো। আমি জানো যে এইখন আমাৰ বাবে ফাইনেলৰ দৰে মেচ। খেলুৱৈসকলে নিজৰ দেশৰ বাবে ইতিহাস ৰচনা কৰিবলৈ কেইবামাহো ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে। গতিকে আমি বুজিব লাগিব যে আমাৰ হাতত যোগ্যতা অৰ্জনৰ স্পষ্ট সুযোগ আছে আৰু আমি এই পৰ্যায়টো উচ্চ নোটত শেষ কৰিব বিচাৰো।

ভাৰতীয় প্ৰশিক্ষকগৰাকীয়ে তেওঁৰ দলটোৱে এক অনন্য শৈলীৰে খেলাটো বিচাৰিলেও চীনা টাইপেইৰ ভাবুকিৰ বিষয়েও তেওঁ ভালদৰেই জানে। প্ৰথমখন মেচৰ দ্বিতীয়াৰ্ধৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিব পাৰিলে আমি জয়ৰ অতি ওচৰত থাকিম বুলিও কয় ছানীয়ে।আনহাতে চীনা টাইপেই খেল শৈলীত অতি সংগঠিত দল।

তেওঁ লগতে কয় যে প্ৰথমখন মেচত তেওঁলোকৰ ডিফেন্স অতি শক্তিশালী আছিল আৰু তেওঁলোকে নিজৰ ফৰ্মেচনত কিছু পৰিৱৰ্তন কৰিছিল যদিও জাপানৰ বিৰুদ্ধে তেওঁলোকে অতি বুদ্ধিমানৰূপে খেলিছিল। ভালভাৰ্ডে কয়, আমি খেলপথাৰলৈ তীব্ৰতা আনিব লাগিব, বল নিয়ন্ত্ৰণ কৰিব লাগিব, আক্ৰমণত আগবাঢ়িব লাগিব। বিশেষকৈ আমাৰ খেলুৱৈসকলৰ ক্ষমতা বিবেচনা কৰিলে এইটো আমাৰ অন্যতম ডাঙৰ শক্তি, আৰু আমি ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰিম।

ভাৰতীয় মিডফিল্ডাৰ ছিলকি দেৱী হেমামে প্ৰশিক্ষকৰ দৰেই চীনা টাইপেইৰ বিৰুদ্ধে খেলখনক দলটোৰ বাবে ভাৰ্চুৱেল ফাইনেল বুলি অভিহিত কৰে। যোৱা মেচখনৰ পৰা আমি বহু কথা শিকিছো, আৰু মই ভাবো যে এইখন (চীনা টাইপেইৰ বিৰুদ্ধে) আমাৰ বাবে বিশেষ মেচ হ’ব। আমাৰ বাবে ই এক ডাঙৰ সুযোগ, আৰু আমি ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব লাগিব।”

আনহাতে চীনৰ টাইপেইৰ বাবে পৰিস্থিতি অলপ সহজ হৈ পৰিছে। নকআউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ মাত্ৰ ড্ৰ’ৰ প্ৰয়োজন। অৱশ্যে তেওঁলোকৰ মুখ্য প্ৰশিক্ষক প্ৰসোবচোক চোমৰে নিজৰ দলটোক জয়ৰ বাবে প্ৰেৰণা যোগাইছে।

তেওঁ কয়, যোৱা মেচখনত কামবেকৰ পিছত দলটোৰ আত্মবিশ্বাস বৃদ্ধি পাইছে, কিন্তু মই এইটোও নিশ্চিত কৰিব লাগিব যে তেওঁলোকে অতিমাত্ৰা আত্মবিশ্বাসী নহয়। নিশ্চিতভাৱে, ড্ৰ' হ'লেও আমাক যোগ্যতা অৰ্জনৰ সুযোগ পোৱা যায়, কিন্তু আমি জয়ী হোৱাৰ উদ্দেশ্যেৰে খেলপথাৰত প্ৰৱেশ কৰিম আৰু আন মেচৰ ফলাফলৰ বাবে চিন্তা নকৰো।

ভাৰতীয় দল বিশেষকৈ ফৰৱাৰ্ড মনীষা কল্যাণে সৃষ্টি কৰা ভাবুকিৰ প্ৰতিও সতৰ্ক হৈ আছে চীনা টাইপেইৰ প্ৰশিক্ষকগৰাকী।

তেওঁ কয়, আমি ভাৰতৰ বিৰুদ্ধে সহজ মেচ আশা কৰা নাই, কিয়নো মই তেওঁলোকৰ খেলৰ সৈতে পৰিচিত। থাইলেণ্ডত কোৱালিফায়াৰৰ সময়ত মই তেওঁলোকক চাইছিলো, আৰু তেওঁলোক এটা অতি ভাল দল। আমি বিশেষকৈ প্ৰচণ্ড গতি প্ৰদৰ্শন কৰা মনীষা কল্যাণক ৰখাত মনোনিৱেশ কৰিছো, গতিকে আমি নিশ্চিতভাৱে তেওঁৰ ওপৰত চকু ৰাখিম।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande