১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২৬ ফুটবল প্ৰতিযোগিতা, ১৯ জুলাইত ফাইনেল
নতুন দিল্লী, ০৯ মাৰ্চ (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ ২৩ সংখ্যক সংস্কৰণ ১১ জুনৰ পৰা আৰম্ভ হ’ব । এইবাৰ তিনিখন দেশ—আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতা। মেক্সিকো চহৰৰ বিখ্যাত এষ্টেডিঅ’ এজটেকা ষ্টেডিয়ামত অনুষ্
फीफा विश्व कप ट्रॉफी


নতুন দিল্লী, ০৯ মাৰ্চ (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ ২৩ সংখ্যক সংস্কৰণ ১১ জুনৰ পৰা আৰম্ভ হ’ব । এইবাৰ তিনিখন দেশ—আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতা। মেক্সিকো চহৰৰ বিখ্যাত এষ্টেডিঅ’ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী খেলখন। অভিলেখ সৃষ্টি কৰা ৪৮টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, যিটো ইতিহাসৰ সৰ্বাধিক।

ফিফা বিশ্বকাপ ২০২৬ মুঠ ৩৯ দিন ধৰি চলিব। অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২৬ চনৰ ১৯ জুলাইলৈকে অনুষ্ঠিত হ’ব। গোটেই প্ৰতিযোগিতাখনত মুঠ ১০৪খন খেল অনুষ্ঠিত হ’ব। ১১ জুনৰ পৰা ২৭ জুনলৈ গ্ৰুপ পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ২৯ জুনৰ পৰা আৰম্ভ হ’ব নকআউট পৰ্যায়।

নকআউট পৰ্যায়ৰ সময়সূচী: এই বিশ্বকাপত ৩২ ৰাউণ্ডকে ধৰি নতুন ফৰ্মেট আছে। এই পৰ্যায় ২৯ জুনৰ পৰা ৩ জুলাইলৈকে খেলা হ'ব। ইয়াৰ পিছত ৪ জুলাইৰ পৰা ৭ জুলাইলৈ ১৬ ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব। ৯ জুলাইৰ পৰা ১১ জুলাইলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৪ আৰু ১৫ জুলাইত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। তৃতীয় স্থানৰ প্লে অফ ১৮ জুলাইত অনুষ্ঠিত হ’ব।

নিউ জাৰ্চিত অনুষ্ঠিত হ’ব ফাইনেল খেলখন। অহা ১৯ জুলাইত নিউ জাৰ্ছিৰ ইষ্ট ৰাদাৰফোৰ্ডৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল। লছ এঞ্জেলছ, টৰন্টো, ডালাছ, মিয়ামি, আটলান্টা, ভেংকুৱাৰ আদি ডাঙৰ চহৰকে ধৰি সমগ্ৰ আমেৰিকা, কানাডা, মেক্সিকোৰ ১৬খন চহৰত প্ৰতিযোগিতাখনৰ খেল অনুষ্ঠিত হ’ব। এই বিশ্বকাপ ফুটবল অনুৰাগীৰ বাবে এক বিশেষ অনুষ্ঠান হ’ব, কিয়নো প্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিসৰত ৪৮টা দলে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, আৰু মুঠ মেচৰ সংখ্যা ১০০খনতকৈ অধিক হ’ব।

গোট পৰ্যায়ৰ সময়সূচী (১১ জুন – ২৭ জুন)

১১ জুন

মেক্সিকো বনাম দক্ষিণ আফ্ৰিকা – এষ্টাডিঅ’ এজটেকা, মেক্সিকো চহৰ

দক্ষিণ কোৰিয়া বনাম ইউএফএ পাথ-ডি বিজয়ী – এষ্টাডিঅ’ আক্ৰন, গুৱাডালাজাৰা

১২ জুন

কানাডা বনাম ইউএফএ পাথ-এ বিজয়ী – বিএমঅ’ ফিল্ড, টৰন্টো

আমেৰিকা বনাম পেৰাগুৱে – ছ’ফি ষ্টেডিয়াম, লছ এঞ্জেলছ

১৩ জুন

কাটাৰ বনাম ছুইজাৰলেণ্ড – লেভিছ ষ্টেডিয়াম, ছান ফ্ৰান্সিস্কো বে এৰিয়া

ব্ৰাজিল বনাম মৰক্কো – মেটলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি

হাইটি বনাম স্কটলেণ্ড – জিলেট ষ্টেডিয়াম, বষ্টন

অষ্ট্ৰেলিয়া বনাম ইউএফএ পাথ-চি বিজয়ী – বিচি প্লেচ, ভেংকুৱাৰ

১৪ জুন

জাৰ্মানী বনাম কুৰাচাও – এন আৰ জি ষ্টেডিয়াম, হিউষ্টন

নেদাৰলেণ্ড বনাম জাপান – এ টি এণ্ড টি ষ্টেডিয়াম, ডালাছ

আইভৰি কোষ্ট বনাম ইকুৱেডৰ – লিংকন ফাইনেন্সিয়েল ফিল্ড, ফিলাডেলফিয়া

ইউইএফএ পাথ-বি বিজয়ী বনাম টিউনিছিয়া – এষ্টাডিঅ’ বিবিভিএ, মণ্টেৰেই

১৫ জুন

স্পেইন বনাম কেপ ভাৰ্ডে – মাৰ্চিডিজ-বেঞ্জ ষ্টেডিয়াম, আটলান্টা

বেলজিয়াম বনাম ইজিপ্ত – লুমেন ফিল্ড, ছিয়াটল

চৌদি আৰব বনাম উৰুগুৱে – হাৰ্ড ৰক ষ্টেডিয়াম, মিয়ামি

ইৰাণ বনাম নিউজিলেণ্ড – ছ’ফি ষ্টেডিয়াম, লছ এঞ্জেলছ

১৬ জুন

ফ্ৰান্স বনাম চেনেগাল – মেটলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি

আই চি পাথ-২ বিজয়ী বনাম নৰৱে – জিলেট ষ্টেডিয়াম, বষ্টন

আৰ্জেণ্টিনা বনাম আলজেৰিয়া – এৰোহেড ষ্টেডিয়াম, কানছাছ চিটি

অষ্ট্ৰিয়া বনাম জৰ্ডান – লেভিছ ষ্টেডিয়াম, চান ফ্ৰান্সিস্কো

১৭ জুন

পৰ্তুগাল বনাম আই চি পাথ-১ বিজয়ী – এন আৰ জি ষ্টেডিয়াম, হিউষ্টন

ইংলেণ্ড বনাম ক্ৰ’ৱেচিয়া – এ টি এণ্ড টি ষ্টেডিয়াম, ডালাছ

ঘানা বনাম পানামা – বিএমঅ’ ফিল্ড, টৰন্টো

উজবেকিস্তান বনাম কলম্বিয়া – এষ্টাডিঅ’ এজটেকা, মেক্সিকো চিটি

১৮ জুন

ইউএফএ পাথ-ডি বিজয়ী বনাম দক্ষিণ আফ্ৰিকা – মাৰ্চিডিজ বেঞ্জ ষ্টেডিয়াম

চুইজাৰলেণ্ড বনাম ইউএফএ পাথ-এ বিজয়ী – ছ’ফি ষ্টেডিয়াম

কানাডা বনাম কাটাৰ – বি চি প্লেচ, ভেংকুৱাৰ

মেক্সিকো বনাম দক্ষিণ কোৰিয়া – এষ্টাডিঅ’ আক্ৰন

১৯ জুন

আমেৰিকা বনাম অষ্ট্ৰেলিয়া – লুমেন ফিল্ড

স্কটলেণ্ড বনাম মৰক্কো – জিলেট ষ্টেডিয়াম

ব্ৰাজিল বনাম হাইটি – লিংকন ফাইনেন্সিয়েল ফিল্ড

ইউএফএ পাথ-চি বিজয়ী বনাম পেৰাগুৱে – লেভিছ ষ্টেডিয়াম

(তাৰ পিছত ২০–২৭ জুনলৈকে বাকী থকা গ্ৰুপ মেচসমূহ আমেৰিকা, কানাডা, মেক্সিকোৰ বিভিন্ন ষ্টেডিয়ামত একে ধৰণেৰে অনুষ্ঠিত হ’ব।)

নকআউট পৰ্যায়

ৰাউণ্ড ৩২

২৯ জুন – ৩ জুলাই

লছ এঞ্জেলছ, হিউষ্টন, বষ্টন, মণ্টেৰেই, ডালাছ, নিউ জাৰ্চি, মেক্সিকো চিটি, আটলান্টা, ছিয়াটল, ছান ফ্ৰান্সিস্কো, টৰন্টো, ভেংকুৱাৰ, মিয়ামি আৰু কানছাছ চিটিত খেল অনুষ্ঠিত হ’ব।

ৰাউণ্ড ১৬

৪ জুলাই – ৭ জুলাই

হিউষ্টন, ফিলাডেলফিয়া, নিউ জাৰ্চি, মেক্সিকো চিটি, ডালাছ, ছিয়াটল, আটলান্টা, আৰু ভেংকুৱাৰত যুঁজ অনুষ্ঠিত হ’ব।

কোৱাৰ্টাৰ ফাইনেল

৯ – ১১ জুলাই

বষ্টন, লছ এঞ্জেলছ, মিয়ামি, কেনছাছ চিটি

ছেমি ফাইনেল

১৪ জুলাই – ডালাছ, ১৫ জুলাই – আটলান্টা

তৃতীয় স্থানৰ মেচ

১৮ জুলাই – হাৰ্ড ৰক ষ্টেডিয়াম, মিয়ামি

ফাইনেল, ১৯ জুলাই – মেটলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande