
আহমেদাবাদ, ০৯ মাৰ্চ (হি.স.)। ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে ২০২৪ চনৰ বিশ্বকাপৰ পিছত ব’ৰ্ডে তেওঁৰ ওপৰত বিশ্বাস ৰাখি তেওঁক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই আস্থাই এই উল্লেখযোগ্য সফলতাৰ সূচনা কৰিছিল।
ট্ৰফী প্ৰদান অনুষ্ঠানৰ সময়ত সূৰ্য্যকুমাৰ যাদৱে কয় যে, এইটো বহুত দীঘলীয়া যাত্ৰা। ২০২৪ চনৰ বিশ্বকাপৰ পিছত বিচিচিআই, জয় শ্বাহ, ৰোহিত শৰ্মা, আৰু আন সকলোৱে মোৰ ওপৰত বিশ্বাস ৰাখি মোক এই আচৰিত দলটোৰ অধিনায়কত্ব কৰাৰ সুযোগ দিলে।
তেওঁ কয় যে বিগত দুবছৰ ধৰি দলটোৱে ধাৰাবাহিকভাৱে ভাল ক্ৰিকেট খেলি আহিছে, আৰু লক্ষ্য আছিল সেই গতি অক্ষুণ্ণ ৰখা।
চেমচন, অভিষেক আৰু বৰুণৰ প্ৰশংসা
সূৰ্যকুমাৰ যাদৱে দলৰ জয়ত মূল ভূমিকা পালন কৰা খেলুৱৈসকলকো প্ৰশংসা কৰে। তেওঁ দলটোৰ সফলতাৰ মুখ্য কাৰণ হিচাপে সঞ্জু চেমছন, অভিষেক শৰ্মা, বৰুণ চক্ৰৱৰ্তীৰ প্ৰদৰ্শনৰ কথা উল্লেখ কৰে।
অধিনায়কগৰাকীয়ে কয়, এই খেলুৱৈসকলে কি কৰিব পাৰে সেয়া বুজাটো অতি গুৰুত্বপূৰ্ণ আছিল। মই জানিছিলোঁ যে তেওঁলোকৰ মেচত জয়ী হোৱাৰ ক্ষমতা আছে। সঞ্জুৰ বাবে দলত যোগদান কৰাৰ সময় নিখুঁত আছিল। বৰুণ চক্ৰৱৰ্তী আৰু অভিষেক শৰ্মা বিশ্বমানৰ খেলুৱৈ, আৰু আমি সদায় জানিছিলোঁ যে তেওঁলোকে বিশেষ কিবা এটা কৰিব পাৰে।
যশপ্ৰীত বুমৰাহক ৰাষ্ট্ৰীয় সম্পদ বুলি অভিহিত কৰে
সূৰ্যকুমাৰ যাদৱে ফাইনেলত সুন্দৰ বলিঙৰ বাবে যশপ্ৰীত বুমৰাহক প্ৰশংসা কৰে। ঘৰুৱা খেলপথাৰত চাৰিটা উইকেট দখল কৰি বুমৰাহে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে।
সূৰ্য্যকুমাৰ যাদৱে কয়, তেওঁ এক প্ৰজন্মত এবাৰ সৃষ্টি হোৱা বলাৰ। বৰ্তমান মই তেওঁক ৰাষ্ট্ৰীয় সম্পদ বুলি ক'ব পাৰো। তেওঁ কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে জানে। তেওঁ খেলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ।
ভাৰতীয় অধিনায়কগৰাকীয়ে অনাগত বছৰবোৰত দলটোৱে উজ্জ্বল প্ৰদৰ্শন আৰু নতুন মাইলৰ খুঁটি অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া