
ঢাকা, ০৬ মাৰ্চ (হি.স.)। বাংলাদেশৰ ৰাজধানী ঢাকাৰ তুৰাগৰ কামাৰপাৰা অঞ্চলত আজি ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত সংঘটিত হোৱা অগ্নিকাণ্ডত দহজন লোক জ্বলি যায়। সকলোকে নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীত ভৰ্তি কৰা হৈছিল।
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি শুকুৰবাৰে পুৱা কামাৰপাৰাৰ দশম ছেক্টৰৰ এটা অট্টালিকাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই ঘটনা। আহতসকলৰ ভিতৰত আছে ৰুবেল (৩০), তেওঁৰ গৰ্ভৱতী পত্নী ছোনিয়া আখতাৰ (২৫), তেওঁলোকৰ কন্যা ৰোজা (৩), ছোনিয়াৰ ডাঙৰ ভগ্নী ৰিয়া (২৭), ৰুবেলৰ খুলশালীয়েক ইনায়ত (৩২), তেওঁৰ পত্নী ডেলেৰা (২৮), তেওঁলোকৰ পুত্ৰ জুনাইদ (১০), ইনায়তৰ কনিষ্ঠ ভাতৃ হাবিব (৩০), ইনাতৰ ভতিজী আয়েছা (১৯), আৰু আবুল কালাম ৰুবেল (৩৫)।
ইনায়তৰ ভতিজা ছাজেদ মত্তব্বৰে জনোৱা মতে, ৰুবেল আৰু ছোনিয়াৰ দ্বিতীয় মহলাৰ ফ্লেটত সংঘটিত হৈছে এই বিস্ফোৰণ। ৰুবেলে মটৰ চাইকেল ৰাইড-শ্বেয়াৰ ড্ৰাইভাৰ হিচাপে কাম কৰে আৰু ইনায়টে শেহতীয়াকৈ ডুবাইৰ পৰা বাংলাদেশলৈ উভতি আহিছে। সাজেদে কয় যে ৰাতিপুৱা বিস্ফোৰণৰ শব্দ শুনি দ্বিতীয় মহলাৰ ফ্লেটটোৰ পৰা লোকসকল লৰালৰিকৈ ওলাই আহিছিল। বিস্ফোৰণৰ ফলত দ্বিতীয় মহলাৰ দেৱালৰ কিছু অংশ ভাঙি পৰে।
তুৰাগ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নূৰ আলম ছিদ্দিকীয়ে জনোৱা মতে, নিশাৰ ভিতৰতে গেছ নিৰ্গত হোৱাত কোনোবাই ৰাতিপুৱা জুই জ্বলোৱাৰ চেষ্টা কৰি বিস্ফোৰণৰ সূচনা কৰে। আৱাসিক অস্ত্ৰোপচাৰ বিশেষজ্ঞ শ্বাউন বিন ৰহমানে কয় যে ছোনিয়াত ১০০ শতাংশ, ৰুবেল ১০০ শতাংশ, ৰোজা ১০০ শতাংশ, হাবিব ১০০ শতাংশ, ৰিয়া ১০০ শতাংশ, ইনয়াত ১০০ শতাংশ, ডেলেৰা ১৪ শতাংশ, জুনাইদ ১০০ শতাংশ, আয়েছা ১০০ শতাংশ, আবুল কালাম ৰুবেল ৭ শতাংশ জ্বলা-পোৰা হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia