৬ মাৰ্চত শুভমুক্তি তেজপুৰৰ যুৱপ্ৰজন্মৰ পৰিচালক চিন্ময় শৰ্মাৰ তৃতীয়খন ছবি ‘ভাকুটকুট’
প্ৰাঞ্জল শইকীয়া, মৃদুল চুতীয়া, হিমাংশু প্ৰসাদ দাসৰ লগতে বহু ন-পুৰণি শিল্পীয়ে কৰিছে অভিনয় শোণিতপুৰ, ০৫ মাৰ্চ (হি.স.)। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ভেটি প্ৰতিষ্ঠা হোৱা সংস্কৃতিৰ নগৰী তেজপুৰৰ পৰা বিগত সময়চোৱাত শিল্পকলা ক্ষেত্ৰখনৰ সৈতে দায়ৱদ্ধতাৰে জড়
চিন্ময় শৰ্মাৰ তৃতীয়খন ছবি ভাকুটকুট


প্ৰাঞ্জল শইকীয়া, মৃদুল চুতীয়া, হিমাংশু প্ৰসাদ দাসৰ লগতে বহু ন-পুৰণি শিল্পীয়ে কৰিছে অভিনয়

শোণিতপুৰ, ০৫ মাৰ্চ (হি.স.)।

অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ভেটি প্ৰতিষ্ঠা হোৱা সংস্কৃতিৰ নগৰী তেজপুৰৰ পৰা বিগত সময়চোৱাত শিল্পকলা ক্ষেত্ৰখনৰ সৈতে দায়ৱদ্ধতাৰে জড়িত হোৱা বহুকেইগৰাকী লোকে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ অৰিহণা যোগায় অহাৰ পিছত এগৰাকী নৱপ্ৰজন্মৰ চলচ্চিত্ৰ পৰিচালকৰ তৃতীয়খন ছবি অহা ৬ মাৰ্চত মুক্তি লাভ কৰিব। কোনোধৰণৰ বিশেষ আৰ্থিক সম্বল নথকাকৈয়ে ছবি নিৰ্মাণৰ প্ৰতি একান্ত হাবিয়াস থকা তেজপুৰৰ জনপ্ৰিয় যুৱপ্ৰজন্মৰ পৰিচালক চিন্ময় শৰ্মাই শিল্পকলা ক্ষেত্ৰখনৰ প্ৰতি অনুৰাগ থকা তেজপুৰৰ একাংশ কুশীলৱ,অভিনেতা -অভিনেত্ৰী আৰু শুভাকাংক্ষীৰ প্ৰেৰণা আৰু সহযোগিতাৰে নিৰ্মাণ কৰা তৃতীয়খন ছবি অসমীয়া ছবি ‘ভাকুটকুট’ অহা ৬ মাৰ্চত শুভমুক্তি লভিব ।

ইয়াৰ পূৰ্বে ‘এজনী ছোৱালী’ আৰু ‘ভূত জলকীয়া’ৰ দৰে চিনেমাৰে দৰ্শকৰ মন জয় কৰা পৰিচালকগৰাকীৰ এইখন এখন অন্যতম প্ৰত্যাশিত ছবি । ‘ভাকুটকুট’ হাঁহি-ধেমালি, মৰম আৰু ভালপোৱাৰ এক মিঠা অনুভৱৰ সংমিশ্ৰণেৰে নিৰ্মিত এখন আমোদজনক ছবি । এখন গাঁৱৰ এটুকুৰা বিশেষ মাটি আৰু সেই গাঁওখনৰে কেইটামান আমোদজনক চৰিত্ৰক কেন্দ্ৰ কৰি পৰিচালক চিন্ময় শৰ্মাই এই ছবিখন নিৰ্মাণ কৰিছে ।

ছাই ক্ৰিয়েটিভ ফিল্মচ আৰু গ্ৰীন গ্ৰাছ ফিল্মছে প্ৰযোজনা কৰা ছবিখনত অসমৰ কেইবাগৰাকীও অভিজ্ঞ আৰু নৱাগত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । তেওঁলোক হ’ল— মৃদুল চুতীয়া, প্ৰতিভা চৌধুৰী, প্ৰাঞ্জল শইকীয়া, দ্বীপজ্যোতি কাকতি, দ্বীপ কলিতা, জয়শ্ৰী ভূঞা, মনোজ বৰকটকী, দৰথী ভৰদ্বাজ, কৌশিক নাথ, মুনমী ফুকন, বীনা পটংগীয়া, পৰাগ বৰুৱা, হিমাংশু প্ৰসাদ দাস,দুৰ্গাশ্ৰী বৰা, প্ৰিয়ংকা বৰঠাকুৰ, কাব্যশ্রী হাজৰিকা, মৃণাল ৰিকু শৰ্মা, বিশাল ওজা, ভাৰ্গৱ কে বৰা, মানস শইকীয়া আদি ।

দৃশ্যগ্ৰহণ কৰিছে জোশী শইকীয়াই । শব্দগ্ৰহণ দিকি শইকীয়াৰ । সংগীত পৰিচালনা কৰিছে 'দ্য জেমিং বাডিজ' আৰু অনুপম বৰুৱাই । গীতৰ কথা লাটু গগৈ, পলাশ নাথ, আকাশদীপ বাৰুটিৰ আৰু জয়শ্ৰী ফুকন ভূঞাৰ। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰ, ৰূপম ভূঞা, মিনিমি আৰু অনুপা ৰয়ৰ কণ্ঠৰে সজ্জিত হৈছে ছবিখনৰ গীতসমূহ ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande