
গুৱাহাটী, ০৫ মাৰ্চ(হি.স.)। নিশাৰ মহানগৰীত পিষ্টলধাৰী যুৱকৰ অবাধ বিচৰণ পোহৰলৈ আহিছে । মহানগৰীৰ দিছপুৰ আৰক্ষীৰ জালত পৰিছে পিষ্টলসহ এজন যুৱক। গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই পাঞ্জাবাৰীৰ বাঘৰবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিব সক্ষম হয় কৃষ্ণ নাথ নামৰ যুৱকজনক। যুৱক জনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা ৯ এম এম পিষ্টলসহ ৩ জাঁই সক্রিয় গুলী উদ্ধাৰ কৰে।
পিষ্টলটোৰ অনুজ্ঞাপত্র আছে নে নাই সেইটো অৱশ্যে বৰ্তমানো নিশ্চিত হোৱা নাই । নিজকে ব্যৱসায়ী বুলি দাবী কৰিছে কৃষ্ণ নাথে । জানিব পৰামতে ধৃত কৃষ্ণ নাথৰ বিৰুদ্ধে দিছপুৰ থানাত পূর্বতেও ৰুজু হৈছিল বহু গোচৰ ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ