
গোৱালপাৰা, ৩১ মাৰ্চ (হি.স.)। দুধনৈ ৰাজহুৱা খেল পথাৰত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ দুধনৈ জনজাতি বিধান সভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ বিজয় সংকল্প সভা । সভাৰ মুখ্য অতিথি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে । সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ছয় সহস্ৰাধিক সমৰ্থকৰ উপস্থিতত অনুষ্ঠিত হয় বিজয় সংকল্প সভা খন ।
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসঙ্গত কয় যে- সকলো জাতি-জনজাতি লোক সকলক সমানে ভাল পোৱা লোককহে বিজেপি'য়ে টিকট দিয়ে । সেয়ে দুধনৈ সমষ্টিত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক টিকট দিছে । ৰাভাই সকলো জাতি-জনজাতি সকলক সমানে উন্নয়ন কৰিব । তেওঁ লগতে কয় যদি টংকেশ্বৰ ৰাভাক মন্ত্ৰী লাগে মই মন্ত্ৰী বনাই দিম । আকৌ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও ইতিমধ্যে ৰূপায়িত চৰকাৰৰ বিভিন্ন আঁচনি ওপৰত বক্তব্য ৰাখি টংকেশ্বৰ ৰাভাক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ।
(জয়ন্ত মল্ল বৰুৱা) সভাত আহি ৰাইজৰ উৎসাহ দেখি টংকেশ্বৰ ৰাভাই বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত হৈছে । মিঞাৰ হাড় ভাঙি দিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে আমাক যিয়ে আগ্ৰাসন কৰিব তাৰেই হাড়টো কিয় ! হাত-ভৰিও ভাঙি দিম । (হাগ্ৰামা মহিলাৰী) দুধনৈ জিকি আছে জিকিব । ১০০ শতাংশই জিকিব । আই মাতৃ সকল যেনেকৈ ওলাই আহিছে সেইটো শুভ লক্ষণ । আইমাতৃ সকল লক্ষ্মী । লগতে কয় মই অসমৰ সকলো সমস্যা সমাধান কৰি দিম ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা